কাছাৰত বোমা উদ্ধাৰৰ লগত জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ, চৰকাৰী বিষয়াক হত্যাৰ পৰিকল্পনা কৰিছিল…

0
2246
কাছাৰত বোমা উদ্ধাৰৰ লগত জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ, চৰকাৰী পৰিকল্পনা

কাছাৰত বোমা উদ্ধাৰৰ লগত জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ, চৰকাৰী বিষয়াক হত্যাৰ পৰিকল্পনা কৰিছিল…

কাছাৰৰ লক্ষীপুৰত বোমা উদ্ধাৰ কাণ্ডত চাৰিজনকৈ লোকক গ্ৰেপ্তাৰ ৷ বৃহস্পতিবাৰে নিশা কাছাৰ আৰক্ষীয়ে মহিলা সহ চাৰি জনক গ্ৰেপ্তাৰ কৰে ৷

গ্ৰেপ্তাৰ কৰা লোককেইজন ক্ৰমে আহমেদ হুছেইন, আব্দুল চাহিদ চৌধুৰী, চালাহ উদ্দিন আৰু লাকিবুন নেছা বুলি জানিব পৰা গৈছে ৷

কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে জনাই যে, লক্ষীপুৰ মনিপুৰ সীমান্তত বোমা বিষ্ফোৰণ কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল ধৃত কেইজনে ৷ ৰাষ্ট্ৰীয় ঘাইপথে দি অহা যোৱা কৰা মনিপুৰৰ চৰকাৰী বিষয়বৱীয়া সকলক হত্যাৰ পৰিকল্পনা আছিল চাৰি গৰাকীয়ে ৷

উল্লেখ্য যে,, দুদিন পূৰ্বে কাছাৰৰ লক্ষীপুৰত মনিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কালভাৰ্টৰ তলত এটা আইইডি বোমা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷ পিছত বোমা বিশেষজ্ঞ দলে নিষ্ক্ৰিয় কৰিছিল বোমাটো ৷

ইনপুট: ইয়াচিন মজুমদাৰ

আৰু পঢ়ক : ভয়ংকৰ পথ দুৰ্ঘটনা, ইনভা আৰু পালচাৰৰ মাজৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ, ঠাইতে প্ৰাণ হেৰুৱালে নৱজিতে