25.9 C
Guwahati
Saturday, October 16, 2021
More

    জীৱন ভাল পাও, ড্ৰাগছ বেয়া পাও’- ১৯৯০ চনৰ বলীউড তাৰকাৰ ড্ৰাগছৰ বিৰুদ্ধে যুঁজৰ ছবি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

    ‘আমি জীৱন ভাল পাও, ড্ৰাগছ বেয়া পাও’- ১৯৯০ চনৰ বলীউড তাৰকাৰ ড্ৰাগছৰ বিৰুদ্ধে যুঁজৰ ছবি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

    মুম্বাই বিলাসী জাহাজৰ ড্ৰাগছ গোচৰৰ বাবে এনচিবিয়ে বৰ্তমালৈকে ১৭ জনকৈ লোকক আটক কৰিছে। ইয়াৰে ভিতৰত সকলোতকৈ উল্লেখ যোগ্য় লোকগৰাকীয়েই হৈছে শ্বাহৰুখ পুত্ৰ আৰিয়ান খান। যাৰ বাবে বলীউডতেই যেন একপ্ৰকাৰ হৈ চৈ লাগি গৈছে।

    শ্বাহৰুখেও মানসিক ভাৱে কিছু দুৰ্বল হৈ পৰিছে। পিছে ইয়াৰ মাজতে এখন ফটো ভাইৰেল হৈছে সামাজিক মাধ্যমত। ১৯৯০ চনৰ এখন ফটো। যি ফটোত দেখা পোৱা গৈছে সেই সময়ৰ প্ৰায় সকলো তাৰকাকেই।

    অমিতাভ বচ্চন, মিথুন চক্ৰৱৰ্তী, গুলছন, জিতেন্দৰ, বিনোদ খান্না, জেকী শ্ৰফ, আমিৰ খান, ডিম্পল কাপাডীয়া, পদ্মীনি কোলহাপুৰী, টিনা খান্না, শ্বাবানা আজমী আদি বহুো লোক আছে সেই বিশেষ ফটোত।

    সেই ফটোখন হৈছে ১৯৯০ চনৰ সুভাষ ঘাইয়ে আয়োজিত কৰা এক ড্ৰাগছ বিৰোধী অভিযানৰ। য’ত সকলোৱে কৈছে- আমি জীৱন ভাল পাও- আমি ড্ৰাগছ বেয়া পাও (WE love Life, We Hate Drugs)।

    বৰ্তমানৰ পৰিস্থিত দেখি সুভাষ ঘাইয়ে সেই ফটোখন শ্বেয়াৰ কৰি লিখিছে- আমি তেতিয়াও ড্ৰাগছৰ বিৰুদ্ধে আছিলো, আজিয়ো ড্ৰাগছৰ বিৰুদ্ধে। ভগৱানে আমাৰ সন্তান সকলোকো ড্ৰাগছৰ পৰা আঁতৰ কৰি ৰাখক।

    সুভাষ ঘাইৰ পোষ্টটো চাবলৈ ইয়াত ক্লিক কৰক

    আৰু পঢ়ক : ২০১১ চনত পত্নীৰ ডিঙি কাটি ছিন্ন মুণ্ড লৈ থানাত উপস্থিত হোৱা ৰঞ্জিত দাসক অৱশেষত শাস্তি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং