জাহাজত ড্ৰাগছৰ পাৰ্টি, শ্বাহৰূখ খানৰ পুত্ৰ আৰয়ান খানক আটক

0
4481
প্ৰায় ৪ বছৰৰ পৰাই ড্ৰাগছ সেৱন কৰে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়নে, বহু তথ্য
ফটো সৌজন্য-ইণ্টাৰনেট

বলিউদৰ চুপাৰষ্টাৰ শ্বাহৰূখ খানৰ পুত্ৰ আৰয়ান খানক নাৰ্কোটিক কন্ট্ৰোল ব্যুৰো চমুকৈ এন চি বিয়ে মুম্বাইৰ এখন জাহজৰ পৰা আটক কৰে।

এন চি বিৰ অভিযানকাৰী এটা দলে অভিযান চলাই জাহাজখনৰ পৰা আৰয়ান খানৰ লগতে আন সাতজন লোকক ড্ৰাগছৰ পাৰ্টিৰ পৰা আটক কৰে।

শনিবাৰে সন্ধিয়া এন চি বিৰ এটা দলে মুম্বাইৰ পৰা গোৱা অভিমুখে যাত্ৰা কৰা কোৰ্দেলিয়া নামৰ জাহাজখনত অতৰ্কিতে অভিযান চলাই আৰু ড্ৰাগছৰ চক্ৰ এটা উৎখাত কৰে।

এটা ব্যক্তিগত লাইফষ্টাইল আৰু ফেশ্বন চেনেলে উক্ত জাহাজখনত এটা পাৰ্টিৰ আয়োজন কৰিছিল য’ত প্ৰায় ১৮০০ অতিথি উপস্থিত আছিল।

এই অতিথি সকলৰ ভিতৰত এন চি বিয়ে শ্বাহৰূখ খানৰ পুত্ৰকে ধৰি আঠগৰাকী লোকক সোধা-পোছাৰ বাবে আটক কৰে।

আৰয়ান খানৰ উপৰিও মুনমুন ধামেছা, আৰবাজ মাৰ্চেণ্ট, নুপুৰ চাৰিকা, ইছমিত সিং, মোহাক জচৱাল, বীক্ৰান্ত চোকাৰ আৰু গোমিত চোপ্ৰা নামৰ ব্যক্তি কেইগৰাকীকো এন চি বিয়ে আটক কৰে।

আৰু পঢ়ক : ২দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শ্বেৰমান আলিক, দোষী সাব্যস্ত হ’লে ৩ বছৰ পৰ্যন্ত হ’ব পাৰে কাৰাবাস