মিছিং যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে মাজুলীত উপস্থিত উষা মংগেছকাৰ

অসমলৈ ইয়াৰ পূৰ্বে বহু কেইবাৰ আহিলেও মাজুলিত শিল্পীগৰাকীৰ এয়া প্ৰথম পদাৰ্পণ

0
47

মাজুলীত উপস্থিত বিশিষ্ট কণ্ঠ শিল্পী উষা মংগেছকাৰ। ভুপেন হাজৰিকাৰ লগত বা একক বিচাপেও বহু কেইটা অসমীয়া গীতত কণ্ঠ নিগৰুৱা এইগৰাকী বিশিষ্ঠ শিল্পীৰ আছে অসমৰ প্ৰতি এক নিভাজ মৰম।

সেই বাবেই মাজুলিত হৈ থকা সপ্তম মিছিং যুৱ মহোৎসৱতো অংশগ্ৰহণৰ বাবে আহিছে শিল্পীগৰাকী। কালিলৈ যুৱ মহোৎসৱৰ নিশা সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিব বলিউডৰ জ্যেষ্ঠ সংগীত শিল্পীগাৰকীয়ে।

নিমাতি ঘাটৰ পৰা মাজুলীলৈ এক বিশেষ ফেৰীৰে আহি উপস্থিত হৈছেহি বিশিষ্ট কণ্ঠ শিল্পী উষা মংগেছকাৰ। কমলাবাৰী ফেৰী ঘাটত উপস্থিত হোৱাৰ পিছত শিল্পীগৰাকীক উষ্ম আদৰণি জনাই মাজুলিবাসী ৰাইজে। অৱশ্য অসমলৈ ইয়াৰ পূৰ্বে বহু কেইবাৰ আহিলেও মাজুলিত শিল্পীগৰাকীৰ এয়া প্ৰথম পদাৰ্পণ।

Photo Credit: @kalpajitsaikia