27 C
Guwahati
Friday, April 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বলীউডৰ ছবি নিৰ্মাতাৰ পত্নী আৰু কন্যাই নিজকে জুই লগাই আত্মহত্যা কৰে

    বলীউডৰ ছবি নিৰ্মাতাৰ পত্নী আৰু কন্যাই নিজকে জুই লগাই আত্মহত্যা কৰে

    বলীউডৰ এগৰাকী ছবি নিৰ্মাতাৰ পত্নী আৰু কন্যাই নিজেই শৰীৰত জুই লগাই আত্মহত্যা কৰে। যি ঘটনাই বলীউডত শোকৰ চাঁ পেলাইছে।

    ছবি নিৰ্মাতা সন্তোষ গুপ্তাৰ পত্নী আৰু কন্যাৰ আত্মহত্যা। আৰক্ষীয়ে পত্নী অস্মিতা গুপ্তা আৰু কন্যা সৃষ্টি গুপ্তা বুলি চিনাক্ত কৰিছে।

    ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বহু দিনৰে পৰা কিডনীৰ ৰোগত আক্ৰান্ত হৈ আছিল পত্নী। বহু চিকিৎসা কৰিও পোৱা নাছিল কোনো সুফল। মাকৰ কষ্ট দেখি কন্যায়ো সহ্য কৰিব পৰা নাছিল। যাৰ বাবেই অৱশেষত এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

    ঘটনাৰ বিষয়ে জানিব পাৰি লগে লগে চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে উপস্থিত হৈ দুয়ো মাতৃ আৰু কন্যাক অৰ্ধদ্বগ্ধ অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায়।

    হাস্পতালত মাতৃ গৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে আৰু তাৰ এদিন পিছত কন্যা সৃষ্টিৰো মৃত্যু হয়।

    আৰু পঢ়ক : উৎকোচ লৈ হাতে লোতে ধৰা পৰা ACS বিষয়া নন্দিতা কোঁৱৰক ৪ বছৰৰ কাৰাদণ্ড

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং