26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰজাঘৰীয়া এইসকলেও বলীউডত কাম কৰাৰ মোহত পৰিছিল, কোনো যদি তাৰকা হ’ল, কোনোৱে মুখ থেকেচা খালে

    বলীউডত অভিনেতা অভিনেত্ৰী হৈ কাম কৰি জনপ্ৰিয়তা লাভ কৰাৰ সপোন বহু লোকৰে। ধনীয়ে হওঁক বা দুখীয়া, অভিনয় জনা সকলে জীৱনত এবাৰলৈ হলেও হলীউডত কাম কৰাৰ বাবে নিজৰ ভাগ্য খটুৱাই চাই। তাৰে মাজত কোনো কোনো লোকেহে সপল হবলৈ সক্ষম হয়।

    পিছে জানেনে যে, বলীউডত ৰজাঘৰীয়া বহু লোকেও নিজৰ ভাগ্য খটুৱাই চাবলৈ আহিছে। ৰজা – মহাৰজা – ৰাজকুমাৰী হোৱাৰ পিছতো মহলৰ সুখ শান্তি এৰি বলীউডত কাম কৰাৰ বাবে বহুত কষ্ট কৰিছে। ইয়াৰে ভিতৰত কোনোবাই সফল হোৱাৰ বিপৰীতে কোনোৱে আকৌ মুখ থেকেচা খাই ৰাজমহললৈ উভতি গৈছে।

    ভাগ্যশ্ৰী, ছলমান খানৰ প্ৰথম গৰাকী অভিনেত্ৰী। কেৱল মাত্ৰ এখনে চুপাৰহিট ছবি বলীউডক দি বিদায় লোৱা ভাগ্যশ্ৰীৰ পিতৃ বিজয় সিং ৰাও মাদৱৰাও পটবৰ্ধন মাৰাঠী ৰজা আছিল। সেই হিচাপে ভাগ্যশ্ৰী আছিল ৰাজকুমাৰী।

    মোহিনা কুমাৰী, নৃত্য প্ৰতিযোগিতা আৰু ধাৰাবাহিক কাম আৰম্ভ কৰি বোলছবি ABCD টো কাম কৰিছিল। পিতৃ মহাৰাজ পুষ্পৰাজ সিং জুদেব। পিছত উত্তৰাখণ্ডৰ মন্ত্ৰী পুত্ৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ অভিনয় জীৱনক বিদায় দিয়ে।

    অদিতি ৰাও হায়দৰী, হায়দৰাবাদৰ ৰাজ পৰিয়ালত জন্ম গ্ৰহণ কৰা অদিতিৰ বিষয়ে নতুনকৈ কব লগা নাই। ইতিমধ্যে কেইবাজনো ছবিত সুন্দৰ কাম কৰি খোপনি পুতি লৈছে অদিতিয়ে। আমিৰ খানৰ পত্নী কিৰণ ৰাও আৰু অদিতি ৰাওৰ ককাক তেলেংগানাৰ ৰজা আছিল।

    ছৈফ আলী খান, ছোটে নবাব খ্যাত এইগৰাকী অভিনেতাৰ বিষয়ে সকলোৱে জানে। পাটাউদী বংশৰ ৰাজকুমাৰ ছৈফ।

    মনীষা কৈৰালা, এইগৰাকী সুন্দৰী অভিনেত্ৰীয়ে বলীউডক দিছে বহু কেইখন জনপ্ৰিয় বোলছবি। মনীষা নেপালৰ ৰজা বংশৰ জীয়ৰী।

    তেনেদৰে ছৈফ ভগ্নী ছোহা আলী খান, ৰিয়া ছেন আৰু ৰাইমা ছেন ত্ৰিপুৰা ৰজা পৰিয়ালৰ জীয়ৰী, খেলুৱৈ জাহিৰ খান পত্নী সাগৰিকা ঘটকে কোলহাপুৰ ৰজা পৰিয়ালৰ জীয়ৰী।

    আৰু পঢ়ক : লিংগ অনুপাত: দেশত ১০০০ গৰাকী পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা ৯০০…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং