24.2 C
Guwahati
Saturday, September 18, 2021
More

    হায়ৰে গুনি জ্ঞানী বলীউডৰ লোক! সোণৰ পদক প্ৰাপ্ত প্ৰিয়া মালিকক দিলে অলিম্পিক জয়ৰ শুভেচ্ছা

    বলীউডত কাম কৰা বহু লোকৰে বাহিৰা জ্ঞানৰ পৰিসৰ কিমান সেয়া হয়তো আজি আৰু নতুনকৈ কব লগা নাই। সকলোৱে দেখি আহিছে বাহিৰা জ্ঞান কিমান আমাৰ বলীউডী সকলৰ। এইবাৰ সামাজিক মাধ্যমত বেয়াকৈ ট্ৰোল খালে কিছু ভুলৰ বাবে। আজি আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্ব কেডেট চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰে কুস্তি খেলুৱৈ প্ৰিয়া মালিকে। হাংগেৰীত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত ৭৫ কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে প্ৰিয়াই।

    পিছে এই ক্ষেত্ৰত বলীউডৰ তাৰকা সকলে লগাই দিলে খেলিমেলি। প্ৰিয়াক অলিম্পিকত সোণৰ পদক লাভ কৰা বুলি শুভেচ্ছা জ্ঞাপন কৰে ছচিয়েল মিডিয়াত। যাৰ পিছতে বেয়াকৈ ট্ৰোল খাই বলীউডৰ তাৰকা কেইগৰাকীয়ে।

    অভিনেত্ৰী ভুমি পেডনেকাৰে ইনষ্টাগ্ৰাম ষ্টোৰীত প্ৰিয়াৰ ফটো লগাই লিখে , ‘বেবী গোল্ড গোল্ড গোল্ড, প্ৰিয়া মালিক, টকিঅ’ অলিম্পিক…….’, নিজৰ ভুল ধৰিব পাৰি পিছত সেই পোষ্ট ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰি দিয়ে।

    অসমৰ জোৱাই মিলিন্দ সুমনেও ভুল কৰি পেলায়। মিলিন্দে টুইট কৰি লিখে, ‘ধন্যবাদ প্ৰিয় মালিক, গোল্ড, টকিঅ’ অলিম্পিক…’ যি পোষ্ট দেখাৰ লগে লগে ইউজাৰে ভুল দেখুৱাই দিয়ে। তাৰ পিছতে মিলিন্দে আন এক টুইট কৰি ক্ষমা বিচাৰে।

    অভিনেতা বাৎসাল শেঠেও একেই ভুল কৰি পেলায়। প্ৰিয় মালিকক অলিম্পিক বিজেতা বুলি টুইট কৰি দিয়ে। যেতিয়াই নিজৰ ভুল ধৰিব পাৰে তেতিয়া ক্ষমা বিচাৰি কয় , ‘ভুল হৈ গ’ল, পিছে তুমি এতিয়াও আমাৰ গৌৰৱ’।

    আৰু পঢ়ক : গাহৰিৰ গড়াললৈ ৰূপান্তৰিত এখন ৪ কোটি টকীয়া জলসিঞ্চন আঁচনি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং