14 C
Guwahati
Wednesday, January 19, 2022
More

    কাৰ কি লাকী সামগ্ৰী- কাৰোবাৰ ব্ৰেচলেট, কাৰোবাৰ ক’লা ৰছী

    কাৰ কি লাকী সামগ্ৰী- কাৰোবাৰ ব্ৰেচলেট, কাৰোবাৰ ক’লা ৰছী

    বলীউডৰ ৰমক জমকৰ কথাই সুকীয়া। সকলোতে উখল মাখল। পিছে তাৰ মাজতো বলীউডৰ মায়ানগৰীত এনে কিছু অভিনেতা অভিনেত্ৰী আছে, যিয়ে নিজৰ সফলতাৰ পাছত কোনো লাকী সামগ্ৰী থকা বুলি বিশ্বাস কৰে।

    তাৰেই ভিতৰত সৰ্বপ্ৰথমে নাম আহে ছলমান খানৰ। ছলমান খানৰ বিষয়ে হয়তো সকলোৱেই জানে, নীলা পাথৰ থকা ব্ৰেচলেট । অভিনেতাগৰাকীয়ে নিজেও সদৰি কৰিছিল সেয়া তেখেতৰ লাকী চাৰ্ম বুলি। বেয়া নজৰৰ পৰা ৰক্ষা কৰে হেনো সেই ব্ৰেচলেটে।

    শ্বাহেনশ্বাহ বিগ বি অমিতাভ বচ্চনৰ হাতত দেখিলেই চকুত পৰিব নীলম পাথৰৰ আঙুঠি। যি লাকী সামগ্ৰী হিচাপে সদায়ে লগত থাকে বিগ বিৰ।

    শ্বাহৰুখ খানৰো আছে লাকী চাৰ্ম, ৫৫৫ এই সংখ্যা অভিনেতাগৰাকীৰ বাবে লাকী। যাৰ বাবে বাহনৰ নম্বৰো ৫৫৫ ৰাখে শ্বাহৰুখে।

    ৰনবীৰ সিঙৰ কথাই সুকীয়া, ভৰিত ক’লা ৰছী বান্ধে ৰনবীৰে। বেমাৰৰ পৰা আঁতৰাই ৰাখে হেনো সেই ৰছীয়ে।

    কেটৰিনা আৰু দীপিকা পাডুকনো লাকী বুলি আছে কিছু মিল থকা কথা। চিনেমা মুক্তিৰ পূৰ্বে দুয়ো যায় ধৰ্মীয় স্থানলৈ। কেটৰিনা যায় আজমেৰ শ্বৰীফ আৰু দীপিকা পাডুকন যায় সিদ্ধিবিনায়ক মন্দিৰ।

    আৰু পঢ়ক : অমিক্ৰণতকৈও শক্তিশালী কৰ’ণাৰ নতুন প্ৰজাতিৰ আবিৰ্ভাৱ, চিন্তাত বিজ্ঞানী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং