
হঠাৎ অসুস্থ হৈ পৰিল জনপ্ৰিয় অভিনেতা ৰজনীকান্ত। যাৰ বাবে তেওঁৰ হাইদৰাবাদৰ এখন হাস্পতালত ততালিকে ভৰ্তি কৰা হৈছে। ৰক্তচাপৰ সমস্যাৰ বাবে তেওঁক হাইদৰাবাদৰ এপল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি খবৰ পোৱা গৈছে।তাতে তেওঁক চিকিৎসা প্ৰদান কৰি থকা হৈছে।
উল্লেখ্য যে, ‘অন্নাথে’ নামৰ এখন ছবিৰ ছুটিঙৰ কামত ব্যস্ত হৈ আছিল অভিনেতাজন। লগতে ছবিখনৰ ৮জন লোক কৰ’ণা পজিটিভ হোৱাৰ বাবে ছুটিং ৰখাই দিয়া হৈছিল। তাৰ পাছতেই কোৱাৰেন্টাইনত আছিল অভিনেতাজন। কোভিড টেষ্টত নেগিটিভ অহাৰ পাছতে নিজকে কোৱাৰেইন্টাইন কৰি ৰাখিছিল অভিনেতাজনে।
তাৰোপৰি চিকিৎসকসকলে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত এই পৰ্যন্ত কোনো মন্তব্য দাঙি ধৰা নাই।
আৰু পঢ়ক : পৰীক্ষাত অনুপস্থিত থকাৰ বাবে পিতৃয়ে পাৰিছিল গালিঃ সহ্য কৰিব নোৱাৰি আত্মহনন পুত্ৰৰ