16 C
Guwahati
Friday, December 3, 2021
More

    ৪৬ বছৰ বয়সত যমজ সন্তানৰ মাতৃ হ’ল প্ৰীতি জিণ্টা, ২০১৬ চনত বিবাহ পাশত আৱদ্ধ হৈছিল

    ৪৬ বছৰ বয়সত যমজ সন্তানৰ মাতৃ হ’ল প্ৰীতি জিণ্টা, ২০১৬ চনত বিবাহ পাশত আৱদ্ধ হৈছিল

    ৪৬ বছৰ বয়সত যমজ সন্তানৰ মাতৃ হল প্ৰীতি জিণ্টা, ২০১৬ চনত বিবাহ পাশত আৱদ্ধ হৈছিল অভিনেত্ৰীগৰাকী

    মাতৃত্বৰ গৌৰৱেৰে গৌৰৱাম্বিত হল ভাৰতীয় ছবিজগতৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টা। যমজ সন্তানৰ মাতৃ হয় অভিনেত্ৰীগৰাকী। সামাজিক মাধ্ত যোগে সদৰি কৰে এই সুখবৰ।

    এক পোষ্ট শ্বেয়াৰ কৰি যমজ সন্তানৰ জন্ম পোৱাৰ কথা সদৰি কৰে। এই সুখবৰ সদৰি কৰাৰ লগে লগে ভাইৰেল হৈ পৰাৰ লগতে সকলোৱে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিণ্টাক।

    স্বমাীৰ সৈতে থকা ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰীকয়ে এই ভাল খবৰ জনাই। অভিনেত্ৰীগৰাকীৰ যমজ সন্তানৰ এটি পুত্ৰ সন্তান আৰু আনটি কন্যা সন্তান। মাতৃয়ে দুয়োৰে নাম জয় আৰু জীয়া ( Jai Zinta Goodenough & Gia Zinta Goodenough)ৰাখিছে।

    উল্লেখ্য যে, প্ৰাপ্ত তথ্য অনুসৰি অভিনেত্ৰীগৰাকীয়ে ছাৰোগেছীৰ (surrogacy) জড়িয়তে মাতৃত্বৰ সোৱাদ লাভ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত অভিনেত্ৰীগৰাকীয়ে নিজৰ ফালৰ পৰা কোনো কথা সদৰি কৰা নাই। কেৱল যমজ সন্তান জন্মৰ কথাহে সদৰি কৰিছে।

    আৰু পঢ়ক : সাফল্য! শহুৰেকে কাটি দিয়া বোৱাৰীৰ হাত পুনৰ যোৰা লগালে চিকিৎসকে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং