বকোৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত এজন ডকাইতৰ মৃত্যু

0
299
প্ৰতিনিধিত্বমূলক চিত্ৰ

মঙলবাৰে নিশা বকোৰ ৰাজাপাৰাত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ লগত জড়িত এজন ডকাইতৰ মৃত্যু ঘটিছে। ক্ষুদ্ধ ৰাইজৰ দ্বাৰা প্ৰহৃত ডৰসিং বসুমতাৰীৰ হাস্পতালত মৃত্যু হয়। ।

মৃত ডকাইজনৰ ঘৰ কোকৰাঝাৰৰ চন্দ্ৰপাৰাত বুলি জানিব পৰা গৈছে।

ইফালে ডকাইতি কাণ্ডটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজ আৰু বকো আৰক্ষীয়ে অভিযান চলাই নিশাই গ্ৰেপ্তাৰ কৰিছিল ৰমেন বৰগয়াৰী নামৰ আন এজন ডকাইতক।

বৰগয়াৰীৰ ঘৰ চিৰাং জিলাৰ আশ্ৰাবাৰীত বুলি আৰক্ষীয়ে জানিব দিয়ে। ইফালে দুধনৈৰ কমল খাখলাৰী আৰু সুনীল বড়ো নামৰ আন দুজন ডকাইত এতিয়াও পলাতক অৱস্থাত আছে।

আৰক্ষীৰ জিম্মাত থকা বৰগয়াৰীয়ে তেওঁলোকৰ সবিশেষ প্ৰদান কৰে।

মৃত ডকাইতজনৰ পৰা ৭.৬২ এম এম পিষ্টল জব্দ কৰিছে।

এই ঘটনাৰ কথা জানিব পাৰি লগে লগে আৰক্ষীৰ দল উপস্থিত হোৱাত ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। এই সংঘৰ্ষত আশ্ৰাফুল আলম বুলি আৰক্ষীৰ এজন জোৱান গুলীবিদ্ধ হৈছিল।

ৰাইজে ডৰসিং বসুমতাৰী নামৰ ডকাইতজনক কৰায়ত্ত কৰি উত্তম মধ্যম শোধাই আৰক্ষীক গতাই দিছিল।   

গুলীবিদ্ধ জোৱান আৰু দেকানী গণেশ থাপাক উন্নত চিকিসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়।