27 C
Guwahati
Saturday, December 4, 2021
More

    বকোত পৃথক পৃথক পথ দুৰ্ঘটনাত মহিলা সহ নিহত ৪জন আহত ৪জন

    বকোত পৃথক পৃথক পথ দুৰ্ঘটনাত মহিলা সহ নিহত ৪জন আহত ৪জন

    বকোৰ শাখাতি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়াবহ পথ দুৰ্ঘটনা। ট্ৰাক আৰু টাটা চুম’ৰ মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা।

    দুৰ্ঘটনাত নিহত মহিলা সহ তিনিজন। থিতাতে নিহত ৰূপচানা আহমেদ (২৪) নামৰ মহিলাগৰাকী। ৰূপচানা আহমেদৰ ঘৰ বঙাইগাঁওৰ কাবাইতাৰীত বুলি জানিব পৰা গৈছে।

    ইয়াৰ পিছতেই ধূপধৰাৰ বিকালী আদৰ্শ হস্পিতালত নিহত হয় আন দুজন। নিহত চামচুল আলম (৪২) আৰু মেহবুব আলম (২৬)। দুয়োৰে ঘৰ লক্ষীপুৰৰ লেজামত। টাটা চুম’ৰ আন তিনিজন আৰোহীৰ দুজনৰ অৱস্থা সংকটজনক।

    আঘাতপ্ৰাপ্তক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়। গুৱাহাটীৰ পৰা গৃহাভিমুখে গৈ থকাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত টাটা চুম’ৰ নম্বৰ AS18 B 5774। ট্ৰাকখনৰ নম্বৰ NL01 AE 3394।

    আনহাতে বকোৰ বালাপাৰাৰ গড়কাপ্তানী পথত আন এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই টাটা ডিআই বাগৰিল পথৰ দাঁতিত। দুৰ্ঘটনাত নিহত এজন আন এজন আঘাতপ্ৰাপ্ত। নিহত বকো আগছিয়াৰ তনুৰাম বড়ো (৩৪)। আঘাতপ্ৰাপ্ত প্ৰৱাল বড়ো। আঘাতপ্ৰাপ্তক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ।

    ইনপুট:মণিমালা ডেকা।

    আৰু পঢ়ক : উচ্ছেদিত ৰাইজৰ মাজত হাহাকাৰ, হাড় কপোৱা ঠাণ্ডাত নাই কাপোৰ, নাই খোৱাপানী,শৌচালয়

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং