26 C
Guwahati
Thursday, September 16, 2021
More

    তিনি ভাতৃৰ তিনি দিশত অৱস্থান, কোনো নাই কাৰো সমৰ্থনত, এজন কিন্তু পূৰ্বৰ দুবাৰৰ বিধায়ক

    তিনি ভাতৃৰ তিনি দিশত অৱস্থান, কোনো নাই কাৰো সমৰ্থনত, এজন কিন্তু পূৰ্বৰ দুবাৰৰ বিধায়ক। সকলো সকলোৰে বিৰোধত। তিনিও ভাতৃ বেলেগ বেলেগ ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনত ব্যস্ত।

    তাকো কোনো এলাপেচা নহয়, একেবাৰে টিকট দাবীদাৰ প্ৰাৰ্থী। এই তিনি ভাতৃৰ পৰিয়াল হৈছে বোকাখাতৰ গগৈ পৰিয়াল। জিতেন গগৈ, ৰেৱকান্ত গগৈ আৰু পুণেশ্বৰ গগৈ।

    জ্যেষ্ঠ ভাতৃ বোকাখাতৰ দুবাৰৰ প্ৰাক্তন বিধায়ক, তথা বৰ্তমান নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈ। কিন্তু শক্তিশালী ৰাজনৈতিক নেতা হোৱাৰ পিছতো তেওঁৰ সমৰ্থনত নাই তেওঁৰেই দুই ভাতৃ। ওলোটাই বিৰোধী দলৰ হৈ জিতেন গগৈৰে বিৰোধত নামিছে দুই কনিষ্ঠ ভাতৃ।

    ৰেৱকান্ত গগৈয়ে জ্যেষ্ঠ ভাতৃৰ বিৰোধত গৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিব। যাৰ বাবে একেখন ঘৰৰ পৰাই দুই ভাতৃ পুৱা ওলাই যায় নিৰ্বাচনী প্ৰচাৰত কিন্তু লক্ষ্য দুয়োৰে ভিন্ন।

    এইক্ষেত্ৰত কনিষ্ঠ ভাতৃ পুণেশ্বৰ গগৈ পৰে মহা বিমোৰত, দুয়ো জ্যেষ্ঠ ভাতৃ বিধানসভা নিৰ্বাচনত নিৰ্বাচন খেলিব লগা প্ৰাৰ্থী। পিছে সকলো সমস্যা আঁতৰ কৰি নিজে যোগদান কৰে অন্য এটা দলত। অগপত যোগদানে চাঞ্চল্যৰ সৃষ্টি বোকাখাতৰ ৰাজনীতিত।

    এতিয়া ২ মে’ৰ নিৰ্বাচনৰ ফলাফললৈ হে অপেক্ষা পৰিয়ালটোৰ। ঘৰখনৰ কোনজন পুত্ৰ জয় হ’ব নিৰ্বাচনত। নতুন বিধায়ক হ’ব বোকাখাতৰ পৰা। এইক্ষেত্ৰত অৱশ্যে পৰিয়ালটোৰ অন্য সকল নিমাত। তেওঁলোকো বিমোৰত, ভোট দিয়ে কাক!

    Input and Photo -Popi Saikia

    আৰু পঢ়ক : মছজিদত আজান দিয়া বন্ধ কৰাক লৈ উত্তেজনাঃ পুৱতি নিশা আজান দি থাকোতে বাধা প্ৰদান কৰিছিল অজয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং