29 C
Guwahati
Thursday, October 21, 2021
More

    ১২ টনতকৈ অধিক কোনো বাহনে বোজাই কৰিব নোৱাৰে, ক্ষোভিত ট্ৰাক মালিক আৰু কৰ্মচাৰী সন্থা

    ১২ টনতকৈ অধিক কোনো বাহনে বোজাই কৰিব নোৱাৰে, ক্ষোভিত ট্ৰাক মালিক আৰু কৰ্মচাৰী সন্থা

    বোকাজানত ট্ৰাক মালিক সন্থা আৰু ট্ৰাকৰ কৰ্মচাৰী সকলৰ মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ।বোকাজানৰ নগৰৰ মাজেৰে ১২ টনতকৈ অধিক কোনো বাহনে বোজাই কৰিব নোৱাৰিব বুলি প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাক লৈ ক্ষোভিত এতিয়া ট্ৰাক মালিক সন্থা ।

    ট্ৰাক মালিক সন্থাৰ মতে এখন ট্ৰাকৰ ন্যূনতম ভৰ ৭ৰ পৰা ৮ টন আৰু যাৰ পৰিপ্ৰেক্ষিতত মাত্ৰ ৪ টন বোজা হে কঢ়িয়াব পাৰিব আৰু ইয়াৰ ফলত ট্ৰাক মালিক সকলৰ যথেষ্ট লোকচান হ’ব ।

    এই নিৰ্দেশনাৰ ফলত বোকাজানত শাক পাচলি তথা আলু পিয়াঁজৰ মূল্য বৃদ্ধি পাব বুলি ট্ৰাক মালিক সন্থাই দাবী কৰে কিয়নো এখন ট্ৰাকত ৪ টন কৈ সামগ্ৰী কঢ়িয়ালে নিশ্চিত ভাবে বহুত লোকচানৰ সন্মুখীন হ’ব লাগিব যাৰ ফলত মূল্য বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত ।

    আনহাতে এই নিৰ্দেশনাৰ পিছত জাঙুৰ খাই উঠিছে বোকাজানৰ ট্ৰাক কৰ্মচাৰী সকল । এই নিৰ্দেশনাৰ পিছতেই ৪ দিন ধৰি কোনো ধৰণৰ কাম উপলব্ধ হোৱা নাই আৰু যাৰ ফলত ভোকে পিয়াহে দিন কটাইছে বুলি মন্তব্য কৰিছে কৰ্মচাৰী সকলে ।

    input: suraj Gogoi

    আৰু পঢ়ক : বিশিষ্ট নাট্যকাৰ বিপুল কুমাৰ বৰুৱাৰ আকস্মিক বিয়োগ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং