মঙলদৈত ভয়ংকৰ ঘটনা ! কুকুৰে কামুৰি নিয়া অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

0
157

মঙলদৈত ভয়ংকৰ ঘটনা ! কুকুৰে কামুৰি নিয়া অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

মঙলদৈত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা কুকুৰে মুখেৰে কামুৰি নিয়া অৱস্থাত উদ্ধাৰ হৈছে নৱজাতকৰ মৃতদেহ ৷ নিজৰ কু কৰ্ম ধাকিবলৈ নিশা কোনোৱে নৱজাতকৰ মৃতদেহটো গোপনে পেলাই দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ মঙলদৈৰ শালৈ পাৰাত সংঘটিত হৈছে এই ঘটনাটো ৷

জানিব পৰা মতেনৱজাতকৰ মৃতদেহটো কুকুৰে কামুৰি আনি শালৈ পাৰাৰ এঘৰ মানুহৰ খেৰৰ মেজিৰ তলত থৈ দিয়া স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ৷পিছত ৰাইজে কুকুৰটো খেদি দিয়াত পুনৰ নৱজাতকৰ মৃতদেহটো মুখত লৈ মঙলদৈৰ বেগা নদীৰ পাৰলৈ লৈ যায় ৷

পিছত স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত মঙলদৈ সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Input- Kishor kalita