
শুকুৰবাৰে পুৱা ডিব্ৰুগড় জিলাৰ পুৰণি হাইস্কুল খেলপথাৰৰ সমীপৰ পি ডব্লিউ ডি কলনীৰ পৰা এটি ৪ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
প্ৰাপ্ত খবৰ অনুসৰি, পৰিত্যক্ত প্ৰস্ৰাৱগাৰত কাপোৰেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো।
প্ৰস্ৰাৱ কৰিবলৈ যোৱা এজন লোকে প্ৰথমে মৃতদেহটো দেখা পায়, আৰু তাৰ পিছত তেওঁ আৰক্ষী-প্ৰশাসনক অৱগত কৰে।
আৰক্ষীয়ে জনোৱা মতে, মৃতদেহ উদ্ধাৰ হোৱা শিশুটিক যোৱা ৩০ জানুৱাৰীত মহানগৰীৰ মালিপট্টিৰ পৰা অপহৰণ কৰা হৈছিল।
ইতিমধ্যে ঘটনা সন্দৰ্ভত সুৰজ কৰ্মকাৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা বুলি জনাই আৰক্ষীয়ে।
আৰক্ষীৰ মতে, শিশুটিক অপহৰণ কৰা দৃশ্য চিচি টিভিত বন্দী হৈছিল আৰু সেই ফুটেজৰ ভিত্তিতে কৰ্মকাৰক গ্ৰেপ্তাৰ কৰা হৈছে।
‘অভিযুক্তজন সুৰাসক্ত আছিল। তেওঁ শিশুটিক হত্যা কৰি মৃতদেহটো পৰিত্যক্ত স্থানত পেলাই দিয়া বুলি আমি সন্দেহ প্ৰকাশ কৰিছো। ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে আমি তদন্ত আৰম্ভ কৰিছো’, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।