সোণাৰিত চাঞ্চল্যকৰ ঘটনা ! ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

0
3639

সোণাৰিত চাঞ্চল্যকৰ ঘটনা ! ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

সোণাৰিত ৰহস্যজনক অৱস্থাত এটা মৃতদেহ উদ্ধাৰ।বৃহস্পতিবাৰে শিৱসাগৰৰ বেতবাৰী কৈৱৰ্ত গাঁৱৰ ৰাজেন দাস (৫৫) নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তাত্‍পৰ্যপূৰ্ণ যে মৃতদেহটো প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ ভতিজাক জন বৰকটকীৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে।

মৃত ৰাজেন দাস জন বৰকটকীৰ সোণাৰিত নৱনিৰ্মিত বিবাহ ভৱনত বহু দিনৰ পৰাই আছিল। ফোনযোগে ঘৰৰ সৈতে যোগাযোগ ৰাখিছিল ৰাজেন দাসে। বিগত ২০ তাৰিখে ঘৰলৈ ফোন কৰিছিল ব্যক্তি জনে। কিন্তু বৃহস্পতিবাৰে প্ৰায় সন্ধিয়া ৫ মান বজাত ৰহস্যজনকভাৱে উদ্ধাৰ হয় ।

মৃতদেহটো পৰিয়ালৰ লোকক আৰক্ষীয়ে মৃতদেহ চাবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। আজি মৰোণোত্তৰ পৰীক্ষাৰ বাবে অনাৰ সময়ত হে মৃত ৰাজেন দাসৰ ঘৰৰ মানুহে লোকজনক দেখা পায় ।

মৃত ৰাজেন দাসৰ দেহত আঘাতৰ চীন স্পষ্ট হৈ আছে। মৃতকৰ পৰিয়ালে অভিযোগ কৰা মতে, মৃতদেহ উদ্ধাৰৰ বহু পলমকৈ পৰিয়ালক অৱগত কৰা হৈছিল। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰি কৰিছে।