ভয়ংকৰ নাঁও দুৰ্ঘটনা! মহালয়াৰ পৰা উভতাৰ পথত ডুব গ’ল নাঁও, বৰ্তমানো সন্ধানহীন বহুটো

0
6250

ভয়ংকৰ নাঁও দুৰ্ঘটনা! মহালয়াৰ পৰা উভতাৰ পথত ডুব গ’ল নাঁও, বৰ্তমানো সন্ধানহীন বহুটো

এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে।যাত্ৰী ভৰ্তি এখন নাঁও ডুব গৈছে। নাঁও দুৰ্ঘটনাটোৰ ফলত ২৩ জন লোক নিহত হৈছে।

এই নাঁও দুৰ্ঘটনাটো বাংলাদেশৰ পঞ্চগড়ত সংঘটিত হৈছে। জানিব পৰা মতে মহালয়া উপলক্ষে বাদেশ্বৰী মন্দিৰলৈ নাঁৱেৰে যাত্ৰা কৰাৰ সময়তেই সংঘটিত হ’ল এই দুৰ্ঘটনাটো ।

নাঁও খন ডুব যোৱাৰ ফলত ২৩ জন লোক নিহত হৈছে। আৰু ১২ জনকতৈও অধিক লোক সন্ধানধীন হৈ আছে। এতিয়ালৈকে উদ্ধাৰ হোৱা মৃতদেহবোৰত ১২ গৰাকী মহিলা আৰু আঠটা শিশু অন্তৰ্ভুক্ত আছে।

উত্তৰ পঞ্চগড়ৰ জিলা প্ৰশাসক জহুৰুল ইছলামে কয় যে ‘নাঁও খনত কিমান যাত্ৰী আছিল সেয়া সঠিকৈ গম পোৱা নাই। সেয়েহে এতিয়াও কিমান লোক সন্ধানহীন হৈ আছে তাক সঠিকৈ ক’ব পৰা নাযাব।

কিন্তু জানিব পৰা মতে নাঁও খনত ৭০ জনৰো অধিক লোক আছিল। আৰু তেওঁলোকে সকলো বাদেশ্বৰী মন্দিৰলৈ গৈ আছিলে।’ সন্ধানহীন লোকসকলৰ উদ্ধাৰ অভিযান বৰ্তমানেও চলি আছে।