ধন বিতৰণ কৰিবলৈ আহি ৰাইজৰ ৰোষত বিজেপি কৰ্মীঃ এজন লোকৰ হাতত গুজি দিছিল দহ হাজাৰ টকা

0
107
ধন বিতৰণ কৰিবলৈ আহি ৰাইজৰ ৰোষত বিজেপি কৰ্মীঃ এজন লোকৰ হাতত গুজি দিছিল দহ হাজাৰ টকা

ধন বিতৰণ কৰিবলৈ আহি ৰাইজৰ ৰোষত বিজেপি কৰ্মীঃ এজন লোকৰ হাতত গুজি দিছিল দহ হাজাৰ টকা

ৰাজ্যত নিৰ্বাচনী বতাহ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে ৰাজ্যত পৰৱৰ্তী নিৰ্বাচনৰ বাবে উঠি পৰি লাগিছে ৰাজনৈতিক দলসমূহ। ৰঙিয়াৰ মূৰাৰা ৩ নং ৱাৰ্ডত উত্তপ্ত পৰিস্থিতি।

ধন বিতৰণ কৰিবলৈ আহি ৰাইজৰ ৰোষত বিজেপি কৰ্মী। এজন লোকক দহ হাজাৰ টকা হাতত দি বিতৰণ কৰিবলৈ দিছিল অন্য লোকক।

ইয়াৰ পিছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ধনৰ বিনিময়ত ভোট দিয়া নহয় বুলি ওলাই আহে স্থানীয় লোকসকল।

ইয়াৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে চাহাবুদ্দিন আহমেদ, মমতাজ আলী আৰু উত্তম পাল নামৰ তিনি বিজেপি কৰ্মীয়ে।

স্থানীয় একাংশ লোকে টকা দি ভোট কিনিব অহা বিজেপি কৰ্মীকেইগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

ইনপুট ক্ৰেডিটঃ Trishna Das

আৰু পঢ়ক : বাপ-বেটা হাটাও সমষ্টি বচাওঃ ষ্টাৰ কেম্পেইনাৰক পহুখেদা, কংগ্ৰেছৰ সমৰ্থক আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি