30 C
Guwahati
Monday, September 20, 2021
More

    ফেনাইল গলাধকৰণ কৰি গহপুৰত থানাৰ ভিতৰতে বিজেপি কৰ্মীৰ আত্মহননৰ চেষ্টা

    ফেনাইল গলাধকৰণ কৰি গহপুৰত থানাৰ ভিতৰতে বিজেপি কৰ্মীৰ আত্মহননৰ চেষ্টা। বিজেপি বিধায়কৰ বিৰুদ্ধাচৰণ কৰি আইনী মেৰপেচত সোমাই পৰা বিজেপি কৰ্মীয়ে থানাৰ ভিতৰতে চলালে আত্মহননৰ চেষ্টা ৷

    গহপুৰ আৰক্ষী থানাৰ ভিতৰতে ফেনাইল খাই আত্মহত্যাৰ চেষ্টা চলালে নিৰঞ্জন দাস নামৰ লোকজনে ৷ নিৰঞ্জন দাস হৈছে বিজেপিৰ এচ চি মৰ্চাৰ ৰাজ্যিক সদস্য ৷ বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে কৰা মন্তব্য ফেচবুকত আপলড কৰাৰ বাবে নিৰঞ্জনৰ বিৰোদ্ধে গোচৰ তৰিছিল গহপুৰ আৰক্ষী থানাত ৷

    আজি থানালৈ আহি আত্মসমৰ্পন কৰাৰ পিছতে আৰক্ষীৰ দাবী-ধমকীত হতাশাত পৰা বিজেপি কৰ্মীজনে থানাৰ ভিতৰতে ফেনাইল খাই আত্মহননৰ চেষ্টা কৰে ৷ গহপুৰৰ গলচেপা নিবাসী নিৰঞ্জনে ১৪ ফেব্ৰুৱাৰীত এগৰাকী ঠেলা চালকৰ বিধায়ক উৎপল বৰাৰ বিৰোদ্ধে কৰা মন্তব্য ফেচবুকত আপলড কৰি ছিল ৷

    ১৪ ফেব্ৰুৱাৰীত ফেচবুকত আপলড কৰাৰ পিছতেই সূৰ্য্য মন্দিৰ নিৰ্মান সমিতিৰ সভাপতি প্ৰাঞ্জল গোস্বামীয়ে গহপুৰ থানাত গোচৰ তৰে ৷ এজাহাৰৰ ভিত্তিতে ১৫ ফেব্ৰুৱাৰীত এজনক আৰক্ষীয়ে আটক কৰি লৈ যায় যদিও নিৰঞ্জনে পলায়ন কৰে ৷ কালি দুপৰীয়া আত্মসমৰ্পণ কৰিবলৈ অহা নিৰঞ্জনক মোবাইল ছীজ কৰি নিজৰ জিম্মাত লয় আৰক্ষীয়ে ৷

    ইয়াৰ পিছতে মানসিকভাৱে ভাগি পৰা বিজেপি কৰ্মী গৰাকীয়ে এই কাণ্ড সংঘটিত কৰে ৷ আচলতে বিজেপিৰ হৈ দীৰ্ঘদিন কাম কৰাৰ পিছতো বিধায়কৰ পৰা একো সহায় সাৰথি নাপাই মানসিকভাগে ভাগি পৰিছিল নিৰঞ্জন ৷ সম্প্ৰতি বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে নিৰঞ্জনক ৷

    আৰক্ষীয়ে গিজগিজাই থকা এখন থানাৰ ভিতৰত কি দৰে এই ঘটনা সংঘটিত হবলৈ পালে তাক লৈ উঠিছে প্ৰশ্ন ৷ ইফালে বিধায়কে পতা চক্ৰবেহুত সোমাই আত্মহননৰ দৰে পথ বাছি লবলৈ বিজেপি কৰ্মীয়ে চেষ্টা কৰা ঘটনাই জোকাৰিছে বিজেপিৰ মহলতো ৷ পূৰ্বেও উৎপল বৰাৰ বিৰুদ্ধে ফেচবুকত কোনোবাই লিখিলে আৰক্ষী লগাই হাৰাশাস্তি কৰাৰ উদাহৰণ আছে।

    আৰু পঢ়ক : বাক স্বাধীনতা ক’ত? কৃষি আন্দোলনক সমৰ্থন জনাই গ্ৰেপ্তাৰ হোৱা দিশাৰ সমৰ্থনত গ্ৰেটা থুনবাৰ্গ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং