উপ-নিৰ্বাচনৰ ফলাফলঃ ৰাতাবাৰীত বিজেপিয়ে মাৰিলে শেষ হাঁহি

ৰাতাবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল মুঠ ৪ গৰাকী প্ৰাৰ্থীয়ে

0
482

আজি অসমৰ ৪ সমষ্টিৰ বাবে অনুষ্ঠিত উপ–নিৰ্বাচনৰ ফলাফল ঘোষণা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। ২১ অক্টোবৰত অসমৰ ৰঙাপৰা, ৰাতাবাৰী, সোণাৰি আৰু জনিয়া সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল উপ–নিৰ্বাচন।

ৰাতাবাৰী সমষ্টিত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হ’ল বিজেপিয়ে। ২৩,৯৮২টা ভোটত বিজয় সাব্যস্ত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ। মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ কেশৱ প্ৰসাদ ৰজকক হৰুৱাই জয়লাভ মালাকাৰৰ। বিজয়ৰ পিছতে ফটকা ফুটাই, নাচি-বাগি বিজয় উত্সৱ পালন কৰিলে বিজেপি কৰ্মীসকলে।

ৰাতাবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল মুঠ ৪ গৰাকী প্ৰাৰ্থীয়ে। বিজেপিৰ বিজয় মালাকাৰ, কংগ্ৰেছৰ কেশৱ প্ৰসাদ ৰাজাক, ছচিয়েলিষ্ট ইউনিটী চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ বিৰেন্দ্ৰ ৰবিদাস আৰু নিৰ্দলীয় পৰিক্ষিত ৰয়। সমষ্টিটোত বিজেপিৰ বিজয় মালাকাৰ আৰু কংগ্ৰেছৰ কেশৱ প্ৰসাদ ৰজকৰ মাজত হৈছিল মূল প্ৰতিদ্বন্দ্বিতা।