
২৪৮ কোটি টকাৰ বাজেটত বিজেপিয়ে নিৰ্মাণ কৰিব শ্ৰী বাংকে বিহাৰী মন্দিৰ কৰিডৰ
বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰ কৰিডৰ আৰু মধ্য প্ৰদেশৰ মহাকাল লোক কৰিডৰৰ পিছত শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰে মথুৰাত বাঙ্কে বিহাৰী কৰিডৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে।
এই অভিলাসী প্ৰকল্পটোৱে তীৰ্থযাত্ৰীসকলক বৃন্দাবনৰ নিকট সংগঠিত বাঙ্কে বিহাৰী মন্দিৰত মসৃণ প্ৰৱেশাধিকাৰ সুবিধা প্ৰদান কৰিব। কৃষ্ণ জন্মাষ্টমীৰ দিনা সংঘটিত হোৱা ঘটনাক লৈ লক্ষ্য ৰাখি বাংকে বিহাৰী মন্দিৰৰ স্থান বহল কৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ।
বাংকে বিহাৰী কৰিডৰৰ খচৰাৰ প্ৰস্তুতৰ কাম ইতিম্যধে আৰম্ভ হৈ গৈছে।
উল্লেখযোগ্য যে, ২৪৮ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা হ’ব এই বাংকে বিহাৰী মন্দিৰ কৰিডৰ কাম। ১৭ নৱেম্বৰৰ ভিতৰতে আদালতে উত্তৰ প্ৰদেশ চৰকাৰক তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু ব্যৱস্থাপনাৰ বাবে প্ৰস্তাৱিত পদক্ষেপসমূহৰ দাখিল কৰিব।
মন কৰিবলগীয়া যে, নতুন বাংকে বিহাৰী কৰিডৰত একেটা সময়তে অতি কমেও ৫ হাজাৰ ভক্ত উপস্থিত থাকিব পৰাৰ ব্যৱস্থা কৰা হ’ব।