31 C
Guwahati
Tuesday, September 27, 2022
More

    সলনি নহয় বিজেপিৰ ৰাজ্যিক সভাপতি…স্পষ্ট কৰিলে কামাখ্যা প্ৰসাদ তাছাই

    সলনি নহয় বিজেপিৰ ৰাজ্যিক সভাপতি…স্পষ্ট কৰিলে কামাখ্যা প্ৰসাদ তাছাই

    সলনি নহয় বিজেপিৰ ৰাজ্যিক সভাপতি। ভৱেশ কলিতাই থাকিব অসমৰ বিজেপিৰ সভাপতিৰ পদত। আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰি কৰে এই বিষয়ে।

    ২০২৪ৰ লোকসভা নিৰ্বাচনত ভৱেশ কলিতাৰ সভাপতিত্বতেই বিজেপি দলে সাংগঠিক কাম কাজ কৰি যাব। কামাখ্যা প্ৰসাদ তাছাই সদৰি কৰে এই বিষয়ে।

    যাৰ ফলত এইটো স্পষ্ট হয় য়ে, ইমান দিনে চলি তথা সভাপতিৰ সালসলনি বৰ্তমানে নহয়। বৰ্তমানে ৰাজ্যিক সভাপতি সলনি হোৱাৰ কোনো চিন্তা চৰ্চা দলৰ মজিয়াত হোৱা নাই।

    আনহাতে ভৱেশ কলিতাৰ নেতৃত্বতেই অহা ৮ অক্টোবৰত গুৱাহাটীত দলীয় কাৰ্যকৰ্তাৰ এত বিশাল সন্মিলন খানাপাৰ খেলপথাৰত অনুষ্ঠিত হব। যি অনুষ্ঠানত অংশ লব প্ৰায় ৪০ হাজাৰ কৰ্মচাৰী।

    এই বিশাল সভাত ৪০ হাজাৰ দলীয় কৰ্মকৰ্তাৰ লগতে উপস্থিত থাকিব ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

    উল্লেখ্য যে,বৰ্তমানে ৰাজ্যত বিজেপিৰ কাৰ্যকৰ্তাৰ সংখ্যা ৪৫ লাখতকৈয়ো অধিক। যি কাৰ্যকৰ্তাই ২৮ হাজাৰৰো অদিক বুথ কমিটি গঠন কৰি ৰাজ্যৰ বাবে নিৰিবিচ্ছিন্ন সেৱা আগবঢ়াই এক বিশাল দলীয় সংগঠন ঢ়িঢি তুলিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং