32 C
Guwahati
Sunday, September 19, 2021
More

    অসমত চাৰিৰ পৰা পাঁচটা সমষ্টিত উপ-নিৰ্বাচন হ’ব : ৰঞ্জিত দাস

    অলপতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে যদিও অতি শীঘ্ৰে অসমত চাৰিৰ পৰা পাঁচটা সমষ্টিত উপ-নিৰ্বাচন হ’ব বুলি ইংগিত প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসে।

    মন্ত্ৰীগৰাকীয়ে মঙলবাৰে বৰপেটাত সংবাদ মাধ্যমৰ আগত তামুলপুৰ, গোসাঁইগাঁও, মৰিয়নিৰ লগতে আৰু দুটা সমষ্টিত উপ-নিৰ্বাচন হ’ব বুলি দৃঢ়তাৰে কয়।

    মন্ত্ৰীগৰাকীৰ এই মন্তব্যত এটা কথা স্পষ্ট হৈ পৰিছে যে দুই-এদিনৰ ভিতৰতে বিৰোধী দলৰ আৰু কোনোবা এজন বিধায়কে বিজেপি দলত যোগদান কৰিব।

    উল্লেখ্য যে, এই পৰ্যন্ত উপ-নিৰ্বাচন হ’বলগীয়া সমষ্টি কেইটা হৈছে গোসাঁইগাঁও, তামুলপুৰ আৰু মৰিয়নি।

    গোসাঁইগাঁও আৰু তামুলপুৰৰ বিধায়ক দুজন ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত আৰু মৰিয়নিৰ সমষ্টিত কংগ্ৰেছ দলৰ পৰা বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছৰে পৰা খালী হৈ আছে এই তিনিটা সমষ্টি।

    এই তিনিটা সমষ্টিৰ উপৰি যদিহে ধৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় তেন্তে মাজুলীও উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তালিকাত অন্তৰ্ভুক্ত হ’ব।    

    কিন্তু ৰঞ্জিত দাসে কোৱাৰ দৰে যদিহে পাঁচটা সমষ্টিত উপ-নিৰ্বাচন হ’বলগীয়া হয় তেন্তে আন এটা সমষ্টিৰ বিধায়ক পদ খালী হ’ব লাগিব।

    সেয়ে ৰঞ্জিত দাসৰ মন্তব্যই পুনৰ আন কোনো দলৰ বিধায়কে বিজেপিত যোগদান কৰাৰ ইংগিত বহন কৰিছে।

    এই সন্দৰ্ভত সাংবাদিকে দাসক কোন দলৰ বিধায়কে বিজেপিত যোগদান কৰিব বুলি প্ৰশ্ন কৰে যদিও তেওঁ এই সন্দৰ্ভত এতিয়াই মন্তব্য কৰিব পৰা নাযাব বুলি কয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং