18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    টেনচন লেনে কা নেহি টেনচন দেনে কা হ্যায়- বিজেপিৰ ৰাজ্যিক সভাপতিৰ নতুন শ্লোগান

    টেনচন লেনে কা নেহি টেনচন দেনে কা হ্যায়- বিজেপিৰ ৰাজ্যিক সভাপতিৰ নতুন শ্লোগান। এই নতুন শ্লোগান এইবাৰ আওৰালে ধুবুৰীৰ বিলাসীপাৰী টাউনত অনুষ্ঠিত এখন বিজেপিৰ প্ৰচাৰ সভাত। হিন্দী চিনেমাৰ এই ডায়লগ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ। সব কা সাথ সব কা বিকাশ, এই শ্লোগান এতিয়া পুৰণি হ’ল।

    শুকুৰবাৰে বিলাসীপাৰাত এখন যোগদান সভাত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কলে কলে নতুন শ্লোগান। কাৰণ ২০২১ ৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব ১০০ + আসন, গতিকে টেনচন কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ হে। শুকুৰবাৰে সন্ধিয়া বিলাসীপাৰা আই এন এ খেল পথাৰত অনুষ্ঠিত এখন যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত হয় শাসকীয় দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ।

    সভাত বি জে পি দলৰ নীতি আদৰ্শ তথা পুব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীৰ কৰ্মৰাজিৰ ওপৰত আকৃষ্ট হৈ ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত হেজাৰোধিক কংগ্ৰেছ, এ আই ইউ ডি এফ, এ জি পি, আম আদমি পাৰ্টীৰ নেতা কৰ্মী বিজেপিত যোগদান কৰে।

    এই সভাতেই ৰঞ্জিত কুমাৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে যে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহই পুৱ বিলাসীপাৰা সমষ্টিৰ পৰাই নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল । সেয়ে দলে এইবাৰ এই সমষ্টিৰ পৰা জয়ী হোৱা দলীয় বিধায়কক মন্ত্ৰীত্বৰ পদ দিব বুলি ইংগিত দিয়ে।

    আৰু পঢ়ক :  ফেনাইল গলাধকৰণ কৰি গহপুৰত থানাৰ ভিতৰতে বিজেপি কৰ্মীৰ আত্মহননৰ চেষ্টা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং