ৰঙাপৰাত বিজেপিৰ ৰাজেন বৰঠাকুৰৰ বিপুল ভোটত জয়লাভ

ৰঙাপাৰাত বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে কংগ্ৰেছৰ কাৰ্তিক কুৰ্মীক ৫০,১৫৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে

0
1265

অসমৰ ৪ বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত উপ–নিৰ্বাচনৰ ভোটগণনা অব্যাহত। ৰঙাপাৰাত বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে কংগ্ৰেছৰ কাৰ্তিক কুৰ্মীক ৫০,১৫৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

বৰ্তমানেও ভোটগণনা চলি থকা সোণাৰিত বিজেপিৰ অগ্ৰগতি। ইফালে ৰাতাবাৰী সমষ্টিতো বিজেপিৰ বিজয় মালাকাৰৰ জয়লাভ। আনহাতে জনীয়াত AIUDf ৰ প্ৰাৰ্থীৰ অগ্ৰগতি লাভ। লোকসভা নিৰ্বাচনৰ পিছত ৰাজ্যৰ ৪ সমষ্টিৰ উপ-নিৰ্বাচনতো মুখ থেকেচা খালে কংগ্ৰেছে।

ৰঙাপৰা সমষ্টিত নিৰ্বাচনী যুঁজত নামিছিল ৫ গৰাকী প্ৰাৰ্থী। কাৰ্তিক কুৰ্মী (কংগ্ৰেছ), ভাৰতীয় গণ পৰিষদ দলৰ অৰূপ কুমাৰ চৌধুৰী, চি পি আই(এম)ৰ ৰয়েল ছৰেং, ছচিয়েলিষ্ট ইউনিটী চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট) পাৰ্টীৰ সঞ্জিত ৰাজবংশী আৰু বিজেপিৰ ৰাজেন বৰঠাকুৰে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।