29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    AIUDF ৰ প্ৰভাৱ থকা সমষ্টিত নাই আঞ্চলিক দলৰ প্ৰাৰ্থী! আজমল-লুৰিণৰ গোপন বুজা বুজি…

    AIUDF ৰ প্ৰভাৱ থকা সমষ্টিত নাই আঞ্চলিক দলৰ প্ৰাৰ্থী! আজমল-লুৰিণৰ গোপন বুজা বুজি…

    আজি ডিব্ৰুগড়ত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তৰ এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি গৰাকী প্ৰাৰ্থীৰ প্ৰতি অভিনন্দন জনাই বিজেপিৰ ৰাজ্যিক মূখপাত্ৰ সুভাষ দত্তই।

    বৰাক ব্ৰক্ষ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা জনতাই পুনৰ বিজেপিক শাসনলৈ আনিব বুলিও আশা প্ৰকাশ কৰে তেওঁ। ইপিনে কা” আন্দোলনৰ গইনা লৈ জন্ম হোৱা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈকো আক্ৰমণ সুভাষ দত্তৰ। এই আই ইউ ডি এফৰে লুৰিণ জ্যোতি গগৈৰ গোপন বুজা বুজি থকা বুলিও বিস্ফোৰক মন্তব্য কৰে সুভাষ দত্তই।

    বদৰুদ্দিন আজমলৰ এই আই ইউ ডি এফৰ প্ৰভাৱ থকা সমষ্টি সমূহত অসম জাতীয় পৰিষদে এজনো প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ নাম ঘোষণা নকৰাটো ৰহস্য জনক বুলি মন্তব্য কৰিছে সুভাষ দত্তই। লগতে কয় যে য’ত বিজেপিৰ প্ৰাৰ্থী দিয়া হৈছে তাতহে আঞ্চলিক দল দুটাই প্ৰাৰ্থী দিছে।

    সুভাষ দত্তই আৰু কয় যে বদৰুদ্দিন আজমললৰ লগত এ জে পিৰ গোপন মিত্ৰতা ওলাই পৰিছে । অসম জাতীয় পৰিষদ আৰু এই আই ইউ ডি এফৰ গোপন মিত্ৰতাই অসমীয়া জাতিক ক্ষতি কৰিব।

    ইপিনে দত্তই ৰাইজৰ দলেও কেৱল ১৮ টা সমষ্টিতহে প্ৰাৰ্থী দিবলৈ ওলোৱাটো হাস্যকৰ হৈ পৰা বুলি কটাক্ষ কৰে। দত্তই ৰাইজৰ দলক কটাক্ষ কৰি কয় যে যিটো ৰাজনৈতিক দলে মাত্ৰ ১৮ সমষ্টিতহে প্ৰাৰ্থী দিবলৈ সক্ষম হৈছে সেইটো দলে কেনেকৈ চৰকাৰ গঠন কৰিব পাৰিব ।

    যি কেইটা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থী দিছে সেই কেইটা সমষ্টিত ৰাইজৰ দলৰ এজনো প্ৰাৰ্থী জয়ী হ’ব নোৱাৰে বুলি মন্তব্য কৰে সুভাষ দত্তই।

    আৰু পঢ়ক : ইংলেণ্ডক এক ইনিংছ ২৫ ৰানত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং