18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ”কংগ্ৰেছৰ ‘অসম বচাও’ শ্ল’গানৰ অন্তৰালত আছে অসমক বিক্ৰী আৰু ধ্বংস কৰাৰ ব্লু-প্ৰিণ্ট”

    দৰং জিলাৰ খাৰুপেটীয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অন্তৰ্গত হিতাধিকাৰী মাজত ৰেচন কাৰ্ড বিতৰণ কৰা আৰু দুটা পথৰ আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই।

    এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শইকীয়াই বৃহস্পতিবাৰে একে লগে কংগ্ৰেছ – AIUDF আৰু AJP ক তুলা ধুনা দিয়ে। আৰু কয় যে ”কংগ্ৰেছৰ ” অসম বচাও ” শ্লোগান অন্তৰত আছে অসমক বিক্ৰী আৰু ধ্বংস কৰাৰ এক ভয়ংকৰ ব্লু প্ৰিন্ট” |

    সাংসদ শইকীয়া লগতে কয় ” অসম বচাও ” শ্লোগান ৰ আঁৰৰ Blue Print আছে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী বনোৱা , ৰকিবুল হুছেইনক গৃহ মন্ত্ৰী আৰু লুৰিণ জ্যোতি গগৈক শিক্ষা মন্ত্ৰী বনোৱা। যিয়ে শিক্ষা মন্ত্ৰী হৈ শংকৰ দেৱ শিশু নিকেটন বন্ধ কৰাৰ পৰিকল্পনা কৰিছে। তদুপৰি আৰু আজমল আৰু ৰকিবুলৰ পূৰ্ব কাৰ্যকাল কিমান ভয়াবহ আছিল অসমৰ ৰাইজে জানে” |

    অন্তত সাংসদ গৰাকী কয় কংগ্ৰেছ ‘AIUDF আৰু AJP পৰা অসমৰ ৰাইজে সাৱধান হোৱা দৰকাৰ। উল্লেখনীয় যে অনুষ্ঠানত দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা , দৰং BJP সভাপতি অমৰেন্দ্ৰ শৰ্মা লগতে খাৰুপেটীয়া পৌৰ সভা ৰ কৰ্মকৰ্তা আৰু শতাধিক হিতাধিকাৰী উপস্থিত থাকে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং