অসমৰ ডিটেনচন কেম্প হিন্দুৰ বাবে নহয়, বাংলাদেশী মুছলমানৰ বাবেঃ শিলাদিত্য দেৱ

এনআৰচিত নাম নথকা বঙালী হিন্দুসকলক উদ্দেশ্যি কয় যে আপোনালোকে যদি হিন্দু তেন্তে চিন্তা নকৰিব, হিন্দু মানেই ভাৰতীয় সেয়ে এনআৰচিত নাম নাথাকিলেও অলপো শংকিত নহ'ব

0
641

পুনৰ বিতৰ্কিত মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ। উচ্চতম ন্যায়ালয়ে গণতন্ত্ৰক হত্যা কৰিছে বুলি বিস্ফোৰক মন্তব্য বিধায়কগৰাকীৰ। হিন্দুৰ বাবে ডিটেনচন কেম্প নহয়, কেব আহি আছে, কোনো হিন্দু শৰনাৰ্থী নাথাকিব ডিটেনচন কেম্পত, অসমৰ ডিটেনচন কেম্প হিন্দুসকলৰ বাবে নহয় বাংলাদেশী মুছলমানৰ বাবেহে৷’- এই মন্তব্য হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ৷

বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা এন আৰ চি, ডি ভোটাৰ আৰু বিদেশী ন্যায়াধীকৰণৰ গোচৰ সম্পৰ্কে অনুষ্ঠিত হোৱা এক সজাগতা সভাত অংশ লৈ বিধায়ক দেৱে এনআৰচিত নাম নথকা বঙালী হিন্দুসকলক উদ্দেশ্যি কয় যে আপোনালোকে যদি হিন্দু তেন্তে চিন্তা নকৰিব, হিন্দু মানেই ভাৰতীয় সেয়ে এনআৰচিত নাম নাথাকিলেও অলপো শংকিত নহ’ব ৷

NRCত নাম নথকা হিন্দুসকলৰ বাবে ডিটেনচন কেম্প নতুনকৈ নিৰ্মাণ কৰা হোৱা নাই বুলি মন্তব্য বিধায়কগৰাকীৰ ৷ বাংলাদেশী মুছলমানসকলক আৱদ্ধ কৰি ৰখাৰ বাবেহে ডিটেনচন কেম্প আছে আৰু নতুনকৈ নিৰ্মাণ কৰা হৈছে ৷ ‘অসম আন্দোলন বঙালী হিন্দুৰ বিৰুদ্ধে নাছিল, অসম আন্দোলন আছিল বাংলাদেশৰ পৰা কাটা তাঁৰ পাৰ হৈ অহা মুছলমানসকলৰ বাবেহে, বাংলাদেশৰ পৰা হিন্দু-বঙালীসকল শৰনাৰ্থী হিচাপেহে ভাৰতবৰ্ষলৈ আহিছিল গতিকে হিন্দুসকল কেতিয়াও বিদেশী হ’ব নোৱাৰে বুলিও কয় বিধায়ক দেৱে।

CAB পাছ হ’লে এজনো হিন্দু বিদেশী ডিটেনচন কেম্পত নাথাকিব, মোদীৰ কথা মতেই কেব লোকসভাত পাছ কৰা হৈছে বুলি কয় শিলাদিত্য দেৱে। নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত কেব পাছ হ’ব বুলিও কয় বিধায়কগৰাকীয়ে৷ NRCত বঙালী হিন্দুসকলৰ নাম কৰ্তন যোৱাটো কংগ্ৰেছৰ এজেণ্ডা আছিল বুলি মন্তব্য দেৱৰ।

প্ৰতীক হাজেলাৰ নিযুক্তিৰ সময়ত তৰুণ গগৈৰ চৰকাৰ আছিল৷ চেঞ্চাছ, আইএএছ অফিচাৰৰ বদলিকৰণৰ কাম ন্যায়ালয়ৰ নহয় ৷ ন্যায়ালয়ে যদি ভাবিছে ভাৰতখন তেওঁলোকে চলাব তেন্তে সেইটো গণতন্ত্ৰ হত্যা কৰা হ’ব বুলিও কয় শিলাদিত্য দেৱে৷ উচ্চতম ন্যায়ালয়ে হাজেলাক বদলিকৰণ কৰাত গণতন্ত্ৰক হত্যা কৰাৰ বাবে আগবাঢ়ি অহাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে শিলাদিত্য দেৱে ৷