29 C
Guwahati
Thursday, October 21, 2021
More

    আমিৰ খানৰ বিৰুদ্ধে বিজেপি বিধায়কৰ গোচৰ ৰুজু; ঘটনা কি?

    সূত্ৰ অনুসৰি আমিৰ খান গাজিয়াবাদত উপস্থিত থকাৰ কথাটো শুনি অনুৰাগী যথেষ্ট উত্সাহিত হৈ উঠিছিল। আমিৰক এবাৰ চাবলৈ অনুৰাগীয়ে ভিৰ কৰিছিল শ্বুটিংস্থলী। আমিৰ খানেও তেওঁলোকক লগ ধৰিলে কিন্তু সেই সময়তে আমিৰ খানে এটা ভুল কৰিলে

    অভিনেতা আমিৰ খানে Lal Singh Chaddhaৰ শ্বুটিং কৰি আছে।

    এই সন্দৰ্ভতে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ছবিখনৰ কেইটামান দৃশ্যাংশ শ্বুট কৰি আছিল, কিন্তু শ্বুটিং কৰাক লৈ যথেষ্ট বিবাদৰ সৃষ্টি হয়।

    লোনীৰ বিজেপি বিধায়ক নন্দ কিশোৰ গুৰ্জৰে আমিৰ খানৰ বিৰুদ্ধে কভিড প্ৰটকল অমান্য কৰাৰ অভিযোগ উত্থাপন কৰিছে।

    ইয়াৰ লগতে বিজেপি বিধায়কগৰাকীয়ে আৰক্ষী থানাত গোচৰো ৰুজু কৰে।

    আমিৰৰ ওপৰত বিধায়কে উত্থাপন কৰিলে অভিযোগ

    সূত্ৰ অনুসৰি আমিৰ খান গাজিয়াবাদত উপস্থিত থকাৰ কথাটো শুনি অনুৰাগী যথেষ্ট উত্সাহিত হৈ উঠিছিল।

    আমিৰক এবাৰ চাবলৈ অনুৰাগীয়ে ভিৰ কৰিছিল শ্বুটিংস্থলী।

    আমিৰ খানেও তেওঁলোকক লগ ধৰিলে কিন্তু সেই সময়তে আমিৰ খানে এটা ভুল কৰিলে।

    আমিৰ খানক লগ কৰাৰ সময়ত আমিৰ খানেও মাস্ক পৰিধান কৰা নাছিল আৰু লগতে তেওঁৰ অনুৰাগীয়েও।

    এতিয়া বিজেপি বিধায়কে এইটো কভিড প্ৰটকল ভংগ কৰাৰ দিশে গতি কৰাইছে। কিন্তু বৰ্তমানলৈ আমিৰৰ বিৰুদ্ধে কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই।

    এই ছবিখনত পুনৰ আমিৰক কৰিণাৰ সৈতে দেখা পোৱা যাব। এই ছবিখনক লৈ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা চলি আছে।

    Photo Credit: Google

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং