২০ বছৰে কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টি অগপক এৰি দিব বিজেপিয়ে

0
124
২০ বছৰে কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টি অগপক এৰি দিব বিজেপিয়ে

২০ বছৰে কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টি অগপক এৰি দিব বিজেপিয়ে : অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত আসন বুজাবুজি তথা সমষ্টিকেন্দ্ৰিক সংঘাতে আকৰ্ষণীয় ৰূপ ধাৰণ কৰিছে।

মঙলবাৰৰ দিনটোত দুয়ো দলৰ নেতৃত্বই ধাৰাবাহিকভাৱে কেইবাবাৰো আলোচনাত মিলিত হয় যদিও সহমতত উপনীত হ’ব পৰা দুয়ো দল।

ইয়াৰ মাজতে, জানিব পৰা অনুসৰি বিগত ২০ বছৰে কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টি অগপক এৰি দিব বিজেপিয়ে।

এই কথা প্ৰকাশ কৰে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমিয় কুমাৰ তালুকদাৰে।

২০২১-ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সমষ্টিটোত কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নিজাববীয়াকৈ প্ৰস্তুতি চলাই থকাৰ সময়তে কেন্দ্ৰীয় নেতৃত্বৰ পৰা পোৱা এই ইংগিতে চেঙাৰ অগপ দলৰ নেতা-কৰ্মীৰ মাজত আনন্দৰ জোঁৱাৰ উঠিছে্।

ইতিমধ্যে চেঙা বিধানসভা সমষ্টিৰ মুখ্য কাৰ্যালয়ত অগপ জিন্দাবাদ, জয় আই অসম শ্লোগানেৰে পৰিৱেশ জীপাল কৰি তোলাৰ লগতে মিঠাই বিতৰণ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে সমষ্টিটোত অগপ দলৰ ৰবিউল হুছেইন আৰু ৰফিকুল ইছলাম প্ৰাৰ্থিত্বৰ দাবীদাৰ।

ৰবিউল হুছেইনেই চেঙা সমষ্টিত অগপ দলৰ টিকট পোৱাৰ প্ৰৱল সম্ভাৱনা আছে বুলি এটা সূত্ৰই জনায়।

আৰু পঢ়ক : মমতা বেনাৰ্জীৰ তৃণমূলত মোক্ষম আঘাত, জ্যেষ্ঠ নেতা জীতেন্দ্ৰ তিৱাৰীৰ বিজেপিত যোগদান