বিজেপি নেতাৰ বিৰুদ্ধে কিশোৰীক ধৰ্ষণৰ অভিযোগ, কিশোৰীয়ে আৰক্ষীৰ আগত সবিস্তাৰে সদৰি কৰিলে সকলো

0
191
প্ৰতিনিধিত্বমূলক চিত্ৰ

বিজেপি নেতাৰ বিৰুদ্ধে কিশোৰীক ধৰ্ষণৰ অভিযোগ, কিশোৰীয়ে আৰক্ষীৰ আগত সবিস্তাৰে সদৰি কৰিলে সকলো

এক পুৰণি ধৰ্ষণৰ গোচৰ উঠাই লোৱাৰ জোৰ দি কিশোৰীক পুনৰ দুজন লোকৰ ধৰ্ষণ। তাৰে ভিতৰত এগৰাকী বিজেপিৰ নেতা। এই ঘটনা উত্তৰ প্ৰদেশৰ বাহৰাইচৰ।

ভুক্তভোগী কিশোৰীয়ে পাছত আৰক্ষীৰ আগত সবিস্তাৰে সকলো বাখ্যা কৰে। কিশোৰীক আগত ধৰ্ষণৰ গোচৰ উঠাই লোৱাৰ বাবে ইমানেই জোৰ দিয়ে যে, দুজন লোকে ধৰ্ষণ কৰাৰ লগতে কিশোৰীৰ পিতৃ-ভাতৃৰ বিৰুদ্ধেও দলবদ্ধ ধৰ্ষণৰ মিছা অভিযোগ উত্থাপন কৰি দিয়ে ।

ঘটনা সংক্ৰান্তত জানিব পৰা অনুসৰি, কিশোৰীগৰাকীক প্ৰেমৰ জালত পেলাই ধৰ্ষণ কৰিছিল এগৰাকী যুৱকে। চলিত বছৰৰে জুন মাহৰ এই ঘটনা। যি ঘটনাৰ পাছতে সেই যুৱকজনক পোক্সো আইনৰ আধাৰত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

পাছে সেই ধৰ্ষণকাৰী যুৱক গ্ৰেপ্তাৰ হোৱাৰ পাছতে যুৱকজনৰ কাকয়েকে প্ৰতিশোধ লোৱাৰ বাবে কিশোৰীগৰাকীক পুনৰ প্ৰেমৰ জালত পেলাবলৈ চেষ্টা কৰে। লগতে যি গৰাকী বিজেপি নেতাৰ হৈ কাম কৰে সেই নেতাগৰাকীৰো সহায় লয় ভায়েকক জেলৰ পৰা উলিয়াবলৈ।

আনহাতে কিশোৰীগৰাকীকো কৌশলেৰে মাতি নি ভায়েকৰ বিৰুদ্ধে থকা গোচৰ উঠাই লবলৈ জোৰ দিয়ে। কিন্তু কিশোৰী এই কথাত অমান্তি হয়। কিশোৰী অমান্তি হোৱাত কোনো নিচাজাতীয় ঔষধ সেৱন কৰাই তাতেই ধৰ্ষণ কৰে।

ইয়াৰ পাছত বিজেপি নেতাগৰাকীয়েও ধৰ্ষণ কৰে কিশোৰীগৰাকীক। লগতে কেছ উঠাই নললে প্ৰাণে মৰাৰ ধমকিয়ো দিয়ে। কিন্তু কিশোৰী একোতে মান্তি নোহোৱাত কিশোৰীৰ পিতৃ আৰু ভাতৃৰ বিৰুদ্ধেও দলবদ্ধ ধৰ্ষণৰ অভিযোগ আনে।

টকাৰ জোৰত আৰক্ষীয়ো লগ দিয়ে বিজেপি নেতাৰ বিৰুদ্ধে। ভুক্তভোগীগৰাকীৰ মতে, আৰক্ষীয়েও গোচৰটোত মীমাংসাৰ বাবে হেঁচা দিছিল। কিন্তু আৰক্ষীয়ে তেনে কৰা ভিডিঅ এটা শীৰ্ষ আৰক্ষী বিষয়াই দেখাৰ লগে লগে পদৰ পৰা নিলম্বন কৰে লগতে ঘটনা সন্দৰ্ভতো উচিত তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে।