
দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা কাৰ্যকৰী কৰিবলৈ বিজেপি প্ৰতিশ্ৰুতিবদ্ধ। এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
শনিবাৰে এক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী শৰ্মাই লগতে সময় আহিলে ইয়াৰ বাবে নিয়ম প্ৰণয়ন কৰা হ’ব বুলিও কয়।
শৰ্মাই কয়, ‘নিজৰ মাতৃভূমিৰ নাগৰিক হোৱাটো এজন হিন্দু নাগৰিকৰ বৈধ অধিকাৰ আৰু বিজেপি সম্পূৰ্ণৰূপে নাগৰিকত্ব সংশোধনী আইনৰ পক্ষত আছে’।
এই আইনৰ নিয়ম কিয় এতিয়াও ফ্ৰেমৱৰ্ক হোৱা নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কা’ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ আৰু তাৰ পিছত অহা কৰ’ণা মহামাৰীৰ বাবে কিছু পলম হৈছে।
বিজেপিয়ে কা’ৰ আলম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ অভিযোগ খণ্ডন কৰি শৰ্মাই কয়, ‘কা আমাৰ প্ৰতিশ্ৰুতিৰ অংশ। ই আমাৰ মতাদৰ্শৰ অংশ। আমি ইয়াক কাৰ্যকৰী কৰিম। কোনোবাই প্ৰশ্ন কৰিছিল ৰাম মন্দিৰ কেতিয়া হ’ব? আপোনালোকে দেখিলে। কোনোবাই সুধিছিল ৩৭০ অনুচ্ছেদ কেতিয়া আঁতৰিব? সেয়াও দেখিলে। যেনেকৈ ইউনিফৰ্ম চিভিল কোড আহি আছে তেনেকৈ নাৰিকত্ব সংশোধনী আইনো দেখিব’।