৩৪ বছৰৰ পিছত ৰাজ্যসভাত ভংগ হ’ল অভিলেখ; প্ৰথমবাৰৰ বাবে কংগ্ৰেছ শূন্য উত্তৰ-পূবত

0
230
৩৪ বছৰৰ পিছত ৰাজ্যসভাত ভংগ হ'ল অভিলেখ; প্ৰথমবাৰৰ বাবে
প্ৰতিনিধিত্বমূলক চিত্ৰ

১৯৮৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোনো দলে ৰাজ্যসভাত ১০০ খন আসন অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এই অভিলেখ গঢ়িছে বিজেপিয়ে।

ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত ১০০ৰ সংখ্যা অতিক্ৰম কৰিছে। ১৯৮৮ চনৰ পিছত শতকৰ ঘৰ স্পৰ্শ কৰা বিজেপি হৈছে প্ৰথমটো দল।

উল্লেখ্য যে ৩১ মাৰ্চত অনুষ্ঠিত হৈ যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত উত্তৰ-পূবৰ তিনিখন আসন বিজেপিয়ে দখল কৰাৰ লগে লগে দলটোৱে এই অভিলেখ গঢ়ে। ৰাজ্যসভাত বিজেপিৰ বৰ্তমান সংখ্যা ১০১।

২৪৫ জনীয়া সদস্যৰে গঠিত ৰাজ্যসভাত কংগ্ৰেছে ১৯৮৮ চনত শতকৰ ঘৰ অতিক্ৰম কৰিছিল।

নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে ২০১৪ চনত শপত লোৱাৰ সময়ত বিজেপিৰ ৰাজ্যসভাৰ সদস্যৰ সংখ্যা আছিল ৫৫।

ইফালে প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত উত্তৰ-পূব ভাৰতৰ পৰা কংগ্ৰেছ শূন্য হৈ পৰিল। উত্তৰ-পূব ভাৰতৰ পৰা কংগ্ৰেছৰ এজনো সদস্য নাই ৰাজ্যসভাত।

বৰ্তমান ৰাজ্যসভাত কংগ্ৰেছৰ সংখ্যা ৩২ লৈ অৱনমিত হৈছে।

আৰু পঢ়ক : নতুনকৈ ১৩ খন আদৰ্শ বিদ্যালয় স্থাপনত অনুমোদন অসম চৰকাৰৰ