20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিজেপি-অগপৰ নিমিলা অংক; দিল্লীত অমিত শ্বাহে চূড়ান্ত কৰিব মিত্ৰতা

    বিজেপি-অগপৰ নিমিলা অংক; দিল্লীত অমিত শ্বাহে চূড়ান্ত কৰিব মিত্ৰতা

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৯ মাৰ্চ ধাৰ্য কৰিছে যদিও সমষ্টিকেন্দ্ৰিক সংঘাটৰ বাবে ক্ৰমান্বয়ে জটিল পৰিৱেশৰ মাজলৈ গতি কৰিছে অগপ-বিজেপিৰ মিত্ৰতা।

    মঙলবাৰৰ দিনটোত বিজেপি-অগপৰ কেন্দ্ৰীয় নেতৃত্বই কেইবাবাৰো বৈঠকত মিলিত হোৱাৰ পিছতো এই পৰ্যন্ত সমাধান সূত্ৰ উলিয়াব পৰা নাই দুয়ো পক্ষ।

    কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ নেতৃত্বত বিজেপি দলৰ আন কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতাৰ উপস্থিতিত মঙলবাৰে নিশা প্ৰায় ২ বজালৈ অগপ সভাপতি অতুল বৰাৰ বাসগৃহত চলিছিল বৈঠক।

    এই বৈঠকতো কোনো সমাধান সূত্ৰ নোলোৱাত আজি পুৱাৰ ভাগত পুনৰ এবাৰ অতুল বৰাৰ বাসগৃহত অগপ নেতৃত্বৰে বৈঠকত মিলিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।  

    অগপৰ দখলত থকা ১৪টা সমষ্টিৰ ভিতৰত কমলপুৰ, পশ্চিম গুৱাহাটী, টীয়ক, লখিমপুৰকে ধৰি আৰু দুটামান সমষ্টি বিজেপিয়ে বিচৰাৰ বাবেই এই পৰ্যন্ত দুয়োটা দল সহমতত উপনীত হ’ব পৰা নাই বুলি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে।

    ইফালে আজি ৰাতিপুৱা অনুষ্ঠিত বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত দুয়ো দলৰ মাজত হোৱা আলোচনা সঠিক দিশত আগবঢ়া বুলি মন্তব্য কৰে।

    তেওঁ কয়, ‘আজি দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত ইউপিপিএল আৰু অগপৰ নেতৃত্বৰ সৈতে এলানি বৈঠক অনুষ্ঠিত হ’ব আৰু সন্ধিয়ালৈ মিত্ৰতা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে’।

    সমষ্টিক লৈ অগপ নেতৃত্ব অসন্তুষ্ট নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘যিহেতু আমি আজি একেলগে দিল্লীলৈ যাম গতিকে আমি গোটেই কেইটা দল ৯৫ বা ৯৯ শতাংশ কথাত একমত হৈছো।

    হিমন্ত বিশ্ব শৰ্মাই লগতে নতুন দিল্লীত আজি মাত্ৰ এক শতাংশ কথাহে আলোচনা কৰিব।

    আৰু পঢ়ক : নিশা মৰ্মান্তিক দুৰ্ঘটনা; অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ’ল ২৬ বছৰীয়া জিতুৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং