28 C
Guwahati
Wednesday, October 13, 2021
More

    স্পা কৰিবলৈ যোৱা যুৱতীক অশ্লীলভাৱে স্পৰ্শ কৰাৰ অভিযোগ, পাৰ্লাৰত আছুৱে লগালে তলা…

    স্পা কৰিবলৈ যোৱা যুৱতীক অশ্লীলভাৱে স্পৰ্শ কৰাৰ অভিযোগ, পাৰ্লাৰত আছুৱে লগালে তলা…

    বিশ্বনাথৰ লৰিয়েল পাৰ্লাৰত সংঘটিত হয় এক আজৱ ঘটনা। স্পা কৰিবলৈ যোৱা যুৱতীক অশ্লীল ভাবে স্পৰ্শ কৰা বুলি অভিযোগ উঠিছে মেনেজাৰ মুকেশ গুপ্তাৰ বিৰুদ্ধে ।

    ঘটনাটো সংঘটিত হৈছিল ৮ অক্টোবৰত কিন্তু যুৱতী গৰাকীয়ে ভয়ত এই কথা কাকো অবগত কৰা নাছিল। কিন্তু আজি আছুৰ কাষ চাপে যুৱতী গৰাকী।

    তাৰপিছতে আছুৱে মেনেজাৰক মাতি আনে আছুৰ কাৰ্যালয়লৈ। যুৱতী গৰাকীয়ে জনোৱা মতে তেওঁৰে আন এগৰাকী বান্ধবীকো মেনেজাৰ জনে অশ্লীল ভাবে স্পৰ্শ কৰিছিল।

    যুৱতী গৰাকী এতিয়া কাষ চাপিছে আইনৰ। আছুৱে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিলে বিশ্বনাথ চাৰিআলিৰ লৰিয়েল পাৰ্লাৰখন।

    যুৱতী গৰাকীয়ে এজাহাৰ দাখিল কৰিছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত। আছুৰ বিষয়ববীয়াই ইতিমধ্যে আৰক্ষীক চমজাই দিছে মেনেজাৰ মুকেশ গুপ্তাক।

    ইনপুট: ছয়নিকা ডেকা।

    আৰু পঢ়ক : এটকাও নোলোৱাকৈ বিশ্বকাপত ভাৰতীয় দলৰ পৰামৰ্শ দাতাৰ দায়িত্ব পালন কৰিব ধোনীয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং