15 C
Guwahati
Saturday, January 22, 2022
More

    কেইবাবাৰো আত্মহত্যাৰ চেষ্টা কৰি সোমাই পৰিল ট্ৰাকৰ তলত,ৰাজপথত যুৱকৰ ছিন্ন মুণ্ড,বিশ্বনাথত ভয়ংকৰ ঘটনা!

    কেইবাবাৰো আত্মহত্যাৰ চেষ্টা কৰি সোমাই পৰিল ট্ৰাকৰ তলত,ৰাজপথত যুৱকৰ ছিন্ন মুণ্ড,বিশ্বনাথত ভয়ংকৰ ঘটনা!

    বিশ্বনাথ চাৰিআলিৰ কোছগাঁৱত ভয়ংকৰ ঘটনা ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ তলত জপিয়াই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লয় এজন যুৱকে ৷

    ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পৰ সমীপত আত্মহত্যা কৰিবলৈ চেষ্টা চলোৱা যুৱকজনে কেইবা বাৰো গাড়ীৰ সন্মুখত জপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল যদিও চালকৰ তৎপৰতাৰ বাবে পৰিছিল ৰক্ষা ৷

    চিচিটিভিত বন্দী হোৱা দৃশ্যত দেখিবলৈ পোৱা অনুসৰি ট্ৰাকৰ তলত সোমাই পৰাৰ পূৰ্বে আন এখন গাড়ীৰ আগত পৰি আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল যুৱকজনে। কিন্তু কথমপি প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। তাৰ প্ৰায় ২ মিনিটমান পিছত ট্ৰাকৰ আঘত জঁপিয়াই পৰে যুৱকজন। ট্ৰাকৰ তলত সোমাই পৰাৰ লগে লগে ছিন্ন মুণ্ড হৈ পৰে যুৱকৰ মৃতদেহ।

    হাতত এটা শিল লৈ মূৰত বাৰে বাৰে আঘাত কৰিছিল যুৱকজনে ৷ অৱশেষত এখন চলন্ত ট্ৰাকৰ তলত জপিয়াই আত্মহত্যা কৰে যুৱকজনে ৷ সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত।বৰ্তমান সময়লৈকে যুৱকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

    ইনপুট:ছয়নিকা ডেকা।

    আৰু পঢ়ক : প্ৰদীপ দত্ত ৰয়ক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ নিৰ্দেশ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং