28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুঃ হত্যাৰ সন্দেহ বিশ্বজিতৰ পৰিয়ালৰ

    পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু। হত্যাৰ সন্দেহ বিশ্বজিতৰ পৰিয়ালৰ।

    অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ লিৰুমবাত কৰ্মৰত চিলাপথাৰ অঞ্চলৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। মৃত যুৱকজন চিলাপথাৰ মাদুৰীপথাৰৰ প্ৰয়াত জগজীত সিঙৰ পুত্ৰ বিশ্বজিত সিং (৩০)৷

    মাতৃ গোলাপী সিংহই চিলাপথাৰ আৰক্ষী থানাত দিয়া এজাহাৰ মতে প্ৰায় ৫ মাহৰ পূৰ্বে ঠিকাদাৰ সুভাষ গুৰুঙে ভাল দৰমহাৰ চাকৰি দিয়াৰ কথা দি পশ্চিম চিয়াং জিলাৰ লিৰুমবালৈ বিশ্বজিতক লৈ যায় ৷ কিন্তু শনিবাৰে পুৱা ৯.৩০ বজাত সুস্থ-সবল যুৱকজনৰ মৃতদেহ লৈ ঘৰত উপস্থিত হ’ল এক যুৱকৰ দল ৷

    মৃতদেহ লৈ অহা টাটা ম’বাইল বাহনখনৰ নম্বৰ হ’ল এ আৰ ০৮ এ/ ৫৮৫৪ ৷ লগতে মৃতদেহ চমজিবলৈ অহা যুৱকৰ দলটোৱে লিৰুমবা হাস্পতালৰ পৰা এখন মৃত্যুৰ প্ৰমাণ পত্ৰও লৈ আহে ৷ প্ৰমাণ পত্ৰত যোৱা ১৯ মাৰ্চত বিশ্বজিতে মেলিনা ৰোগত আক্ৰান্ত হৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণৰ পথতে মৃত্যু হোৱা বুলি উল্লেখ কৰিছে ৷


    ইপিনে ইয়াৰ পূৰ্বে বেমাৰ আজাৰ নোহোৱা সুস্থ সবল যুৱকৰ জনৰ আকস্মিক বিয়োগৰ ঘটনাটোক পৰিয়ালৰ লগতে গাঁওবাসীয়ে সহজে গ্ৰহণ কৰিব পৰা নাই ৷ ৰাইজে বিশ্বজিতৰ মৃতদেহ সহ বাহন আৰু বাহনত অহা লোক কেইজনক চিলাপথাৰ থানাত গটাই দিয়ে ৷

    ১৯ মাৰ্চৰ ভিতৰতে মেলিনা আক্ৰান্ত হৈ মৃত্যু হোৱা ঘটনাটোক বিশ্বাসত লব নোৱাৰি ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷ ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে ঠিকাদাৰ সুভাষ গুৰুঙৰ লগতে বীনা গুৰুং নামৰ চিলাপথাৰ খনামুখৰ এগৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোৱাইছে ৷ ঘটনাৰ উচিত বিচাৰৰ দাবী জনাইছে গাওঁবাসীয়ে ।

    আৰু পঢ়ক : অসমক বাহিৰত বিক্ৰী কৰাৰ বাবে জন্ম হৈছে আজমলৰ : বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং