“অসমত কৰ’ণাৰ সংখ্য পূৰ্বতকৈ বহুত কম যদিও এতিয়া কিছু কিছু ঠাইত কৰ’ণাৰ সংখ্যা বৃদ্ধি হৈছে । তথাপিও কামৰূপ মেট্ৰ’ত ইয়াৰ সংখ্যা কমি আছে।”
ৰাজ্যত কৰ’ণাত পুনৰ লোক আক্ৰান্ত হোৱাৰ পাছতে চিন্তিত হৈ পৰিছে জনসাধাৰণ। মহানগৰীৰ দুখন বিদ্যালয়ত কৰ’ণা পজিটিভ ওলোৱাৰ পাছতে পুনৰ লকডাউনৰ আশংকা কৰিছিল।
এই সন্দৰ্ভত ৰাজ্যবাসীক আশ্বাস প্ৰদান কৰি কামৰূপ মেট্ৰ’ৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে কয়-“এতিয়া ৰাইজে ভয় কৰিবলগীয়া একো নাই। কিন্তু হ’লেও সতৰ্ক হৈ থাকিব লাগে। ৰাইজে মাস্ক পৰিধান কৰক, সামাজিক ব্যৱধান মানি চলক, ছেনিটাইজ কৰি ৰাখক নিজকে। আমি ৰাইজক ইয়াকে আহ্বান জনাইছো।”
আৰু পঢ়ক : লালকিল্লা হিংসা : জম্মুৰ পৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ