30 C
Guwahati
Sunday, September 25, 2022
More

    ৰাওনা হৈছিল হে মাত্ৰ, নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীসহ দ’ খাৱৈত বাগৰি পৰে বাছ

    ৰাওনা হৈছিল হে মাত্ৰ, নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীসহ দ’ খাৱৈত বাগৰি পৰে বাছ। সোণাপুৰৰ মেধিকুছিত সংঘটিত হৈছে এই ভয়ংকৰ বাছ দূৰ্ঘটনা।

    গুৱাহাটীৰ পৰা ৰাওনা হৈছিল হে মাত্ৰ। কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে বাছখন।

    ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ এটি খাৱৈত যাত্ৰীসহ সোমাই পৰে যাত্ৰীবাহ বাছখনে। জানিব পৰা মতে, গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল যাত্ৰীবাহী বাছখন।

    অসম ৰাজ্যিক পৰিবহন নিগমৰ অন্তৰ্গত যাত্ৰীবাহী বছখনৰ নং AS 20 /1860.

    যাত্ৰাৰ সময়ত বাছ খনত ৩০ গৰাকী যাত্ৰী আছিল। সৌভাগ্যক্ৰমে যাত্ৰীবাহী বছখনৰ কোনো লোক হতাহত হোৱা নাই।

    ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ লোকে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ বাছখনৰ খিৰিকী ভাগি যাত্ৰী সকলক উদ্ধাৰ কৰে।

    আনহাতে অসম পৰিবহণ নিগমৰ আন এখন বাছৰে যাত্ৰী সকলক গন্তব্যস্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হয় বুলি সদ্যহতে জানিব পৰা গৈছে।

    আৰু পঢ়ক :- ৬ বছৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা মানিক সাহাই ল’লে মুখ্যমন্ত্ৰীৰ শপত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং