বাৰ্ড ফ্লুৰ ভয়ংকৰ সংক্ৰমণ! কেৰালাত ৬৯ হাজাৰ পক্ষী নিধন

0
4682
বাৰ্ড ফ্লুৰ আতংক! সাময়িকভাৱে অসমত নিষিদ্ধ বহিঃৰাজ্যৰ কুকুৰা

দেশত বৰ্তমানে বাৰ্ড ফ্লুৰ সংহাৰে দেখা দিছে। দেশৰ ভিতৰতে বৰ্তমানে সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে কেৰালা। কেৰালাত বাৰ্ড ফ্লুৰ বাবে ৬৯ হাজাৰ পক্ষী নিধন।

কেৰালাৰ বাহিৰে হাৰিয়ানাতো সংহাৰী ৰূপ ধাৰণ কৰিছে পক্ষীৰ মাজত দেখা দিয়া এই ৰোগে। বিগত ১০টা দিনৰ ভিতৰতে হাৰিয়ানাত প্ৰায় ৪ লাখ পক্ষী মৃত্যু হৈছে।

কেৰালাৰ দুখন জিলা অলপ্পুঝা আৰু কোট্টায়মতেই ৬৯,০০০ হাজাৰ পক্ষী নিধন কৰা হৈছে। ৬ জানুৱাৰী বুধবাৰে এই বিষয়ে জনাইছে ৰাজ্যখনৰ পশু আৰু মীনপালন বিভাগৰ মন্ত্ৰী কে ৰাজুই।

লগতে তেখেতে ইয়াকো জনাই যে কেৰালা চৰকাৰে প্ৰতিটো দুমাহৰ ওপৰৰ হাঁহ-পাৰৰ বাবে ২০০ টকাকৈ আৰু ঠিক তেনেদৰে এমাহৰ তলৰ বয়সৰ প্ৰতিটো হাঁহ-পাৰৰ বাবে দিব ১০০কৈ টকা।

Photo Credit: Mint

আৰু পঢ়ক : ভয়ংকৰ দুৰ্ঘটনাত পতিত বিটিচিৰ কাৰ্যবাহী সদস্য ৰণজিৎ বসুমতাৰীৰ কনভয়