আলিয়াৰ পিছত এইবাৰ মাতৃ হ’ল বিপাশা বসু ! জন্ম দিলে এটি কন্যা সন্তান

0
636

আলিয়াৰ পিছত এইবাৰ মাতৃ হ’ল বিপাশা বসু ! জন্ম দিলে এটি কন্যা সন্তান

আলিয়া ভটৰ পিছত এইবাৰ মাতৃ হ’ল বিপাশা বসু। ৪৩ বছৰ বয়সত অভিনেত্ৰী গৰাকীয়ে এটি কন্যা শিশু জন্ম দিয়ে। কন্যা শিশুটিৰ জন্মৰ পিছতে পিতৃ কৰণ সিং গ্ৰোভাৰ আৰু মাতৃ বিপাশা বসু যথেষ্ট আনন্দিত হৈছে।

এই সুখৰ সময় খিনিত দম্পতীহালে সকলো অনুৰাগী আৰু চেলিব্ৰেটীৰ পৰা যথেষ্ট অভিনন্দন আৰু মৰম লাভ কৰিছে। বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰ বি টাউনৰ অন্যতম জনপ্ৰিয় দম্পতি।

বিপাশা বসুয়ে কৰণৰ লগত ২০১৬ চনত বিবাহ পাশত আবদ্ধ হৈছিল। আৰু বিয়াৰ ৬ বছৰৰ পিছত ১২ নৱেম্বৰ অৰ্থাৎ আজি মাতৃ হ’ল বিপাশা বসু।

গৰ্ভধাৰণৰ সময়ত, বিপাশা সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় আছিল আৰু অনুৰাগীসকলৰ সৈতে তেওঁৰ ফটো আৰু ভিডিঅ’শ্বেয়াৰ কৰি আছিল।

বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰে ২০১৫ চনত আলৌন নামৰ ছবিখনৰ শ্বুটিং স্থলীত লগ পাইছিল। এই সময়ছোৱাত, তেওঁলোক দুয়ো ইজনে সিজনৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল আৰু সোনকালেই এই বন্ধুত্ব প্ৰেমত পৰিণত হৈছিল।

বিপাশা-কৰণে কিছু সময় ইজনে সিজনক ডেট কৰাৰ পিছত বিবাহ পাশত আৱদ্ধ হৈছিল।