24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এণ্ড টিভিৰ টেলেণ্ট ফাইট ছিজন -২ ত অসমৰ টেলেণ্টঃ বিলাসীপাৰাৰ ৬ গৰাকী শিশু-কিশোৰ নৃত্য শিল্পীয়ে গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্যলৈ

    এণ্ড টিভিৰ টেলেণ্ট ফাইট ছিজন -২ ত অসমৰ টেলেণ্টঃ বিলাসীপাৰাৰ ৬ গৰাকী শিশু-কিশোৰ নৃত্য শিল্পীয়ে গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্যলৈ

    ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ। ইয়াৰ মাজতে ছয় গৰাকী শিশু-কিশোৰী নৃত্য শিল্পীয়ে গৌৰৱ কঢ়িয়াই আনিছে বিলাসীপাৰাৰ সাপটগ্ৰামলৈ।

    ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মনোৰঞ্জনধৰ্মী টি ভি চেনেল এণ্ড টিভি (& TV) ত সম্প্ৰচাৰ হ’ব টেলেন্ট ফাইট চিজন-২। এই নৃত্য প্ৰতিযোগিতাৰ ৰিয়েলিটি শ্ব’লৈ বাচনি হৈছে সাপটগ্ৰাম পলি ডান্স একাডেমীৰ ৬ গৰাকীকৈ শিক্ষাৰ্থী ।

    একাডেমী খনৰ প্ৰশিক্ষক ৰাজীৱ দাসৰ তৎপৰতাত এণ্ড টি ভিৰ অডিচনত বাচনি হৈছে শংকৰ কৰ্মকাৰ, মম্পা ভৌমিক, মাছুম ৰাজা, এহেম আগৰৱালা, সান দত্ত আৰু দীপাংশু মণ্ডল ।

    এই ছয় গৰাকী নৃত্য শিল্পীয়ে অহা ২০ মাৰ্চত উত্তৰ প্ৰদেশ ৰাজ্যৰ দেৰাদুনত উপস্থিত হ’ব। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰা শিল্পী সকলে যথেষ্ট উৎসাহিত হৈছে লগতে ৰাজ্যবাসীৰ পূৰ্ণ সহযোগ কামনা কৰিছে।

    ইনপুট ক্ৰেডিটঃ আফৰুজুল ইছলাম

    আৰু পঢ়ক : ৰাজ্যত নিৰ্বাচনী হিংসাঃ নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা গৈ থাকোতেই ৰাইজৰ দলৰ সমৰ্থকক কোৰেৰে প্ৰহাৰ দুৰ্বৃত্তৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং