29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিলাসীপাৰাত আৰক্ষী থানাৰ বেৰিকেড ভাঙি শ্ৰমিক লৈ অহা ট্ৰাকৰ পলায়নৰ চেষ্টা

    লকডাউন অমান্য কৰি গুৱাহাটীৰ পৰা পলাইছিল এইসকল শ্ৰমিক

    বিলাসীপাৰাত নিশা চাঞ্চল্যকৰ ঘটনা। তিনিখন আৰক্ষী থানাৰ বেৰিকেড ভাঙি পলাই যাবলৈ চেষ্টা শ্ৰমিক অনা ট্ৰাকৰ।পাঞ্জাবৰ ট্ৰাকৰ ভিতৰত গোপনে আনিছিল বহু শ্ৰমিক।

    গুৱাহাটীৰ পৰা ধুবুৰীলৈ পাঞ্জাবৰ ট্ৰাকত গৈছিল মুঠ ৪০জনকৈ শ্ৰমিক। গোপন খবৰ লাভ কৰি চাপৰ আৰক্ষীয়ে চলাইছিল অভিযান। চাপৰ, শালকোচা, বিলাসীপাৰা নয়াহাট থানাৰ বেৰিকেড ভাঙিছিল ট্ৰাকখনে।

    পিছে পিছে খেদি যোৱা আৰক্ষীয়ে অৱশেষত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ট্ৰাকখন। আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৩০জন শ্ৰমিকৰ লগতে চালক-হেণ্ডিমেন। আনহাতে মহিলাসহ দহজন শ্ৰমিকক আটক কৰে আৰক্ষীয়ে। লকডাউন অমান্য কৰি গুৱাহাটীৰ পৰা পলাইছিল এইসকল শ্ৰমিক।

    Photo Credit: @nurafrujulislam

    Published:

    4 COMMENTS

    1. cialis generic

      বিলাসীপাৰাত আৰক্ষী থানাৰ বেৰিকেড ভাঙি শ্ৰমিক লৈ অহা ট্ৰাকৰ পলায়নৰ চেষ্টা

    Comments are closed.

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং