১৩ বছৰীয়া ছাত্ৰীক অপহৰণ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ, উদ্দেশ্য অসৎ

0
2713

শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত এজন শিক্ষকৰ কৰ্ম কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰাত।

অঞ্চলটোৰ বান্ধৱপাৰাৰ বাসিন্দা তথা চৰকাৰী বিদ্যালয়ৰ শিক্ষক জাকিৰ হুছেইনে নিজৰ বিদ্যালয়ৰে এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক অপহৰণ কৰাৰ অভিযোগ উঠিছে।

ঘটনা সন্দৰ্ভত নাবালিকা ছাত্ৰী গৰাকীৰ পৰিয়ালে ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।

এজাহাৰৰ ভিত্তিত মঙলবাৰে নিশা বিলাসীপাৰা আৰক্ষীৰ সহযোগত বন্দিহানা আৰক্ষীয়ে নাবালিকা ছাত্ৰী গৰাকীক গোপনে বন্দী কৰি ৰখা অৱস্থাত কৃষ্ণনগৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কিন্তু লম্পট শিক্ষক জন পলাতক অৱস্থাত আছে।

উল্লেখ্য যে বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত বাহিৰ শালমাৰা এম ভি স্কুলত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পিছতে ১৩ বছৰীয়া ছাত্ৰীগৰাকীক বিদ্যালয় খনৰ সহকাৰী শিক্ষক জাকিৰ হুছেইনে ফুচুলাই নি বিলাসীপাৰাৰ আনন্দ নগৰত থকা তেওঁৰ আত্মীয় ময়জুদ্দিনৰ ঘৰত বন্দী কৰি ৰাখে।

অসৎ চৰিতাৰ্থ পূৰনৰ উদ্দেশ্যে লম্পট শিক্ষক জনে এইদৰে ছাত্ৰী গৰাকীক অপহৰণ কৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

এইজন লম্পট শিক্ষকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী তুলিছে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

ইনপুট : আফৰুজুল ইছলাম