ঐতিহাসিক; ছয় হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ

0
160
ঐতিহাসিক; ছয় হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ

ঐতিহাসিক; ছয় হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ:- বিলাসীপাৰাৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান। সুদীৰ্ঘ ৯ বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা ৰুনজুন হকৰ পৰিয়ালে।

৬ জনকৈ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰা হৈছে।

কাৰাদণ্ডৰে দণ্ডিত অভিযুক্ত কেইজন হৈছে- আমিৰ আলী, বদিয়াল জামান, জয়নাল আবেদীন, স্বাহ জামাল সেখ, আব্দুল আৱাল সেখ আৰু ছুৰমান আলী।

ন্যায়াধীশ বৰ্ণালী মহন্তই প্ৰদান কৰে এই ঐতিহাসিক ৰায়দান।

উল্লেখ্য যে ভূমিকেন্দ্ৰীক সংঘাতৰ বাবে চোকা অস্ত্ৰৰে হত্যা কৰিছিল ৰুনজুন হক নামৰ এজন যুৱকক|

ৰুনজুন হক পেছাত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী (MPW) আছিল। হকৰ ঘৰ বিলাসীপাৰাৰ খেৰডুবীত।

২০১৩ চনৰ ১৬ আগষ্টৰ নিশা খেৰডুবীত ৬ অভিযুক্তই হত্যা কৰিছিল ৰুনজুন হকক। তদুপৰি এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ৰুনজুনৰ ভাতৃ মুনমুন হক।

হত্যাৰ বলি হোৱা ৰুনজুন হকৰ পৰিয়ালৰ হৈ যুক্তি দৰ্শাইছিল চৰকাৰী অধিবক্তা তপন ভট্টাচাৰ্যই|

ইফালে আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালটিয়ে।

ইনপুট : আফৰুজুল ইছলাম

আৰু পঢ়ক : ভয়ংকৰ দুৰ্ঘটনা; হিমাচল প্ৰদেশলৈ ফুৰিবলৈ যোৱা দুটা পৰিয়ালৰ সাতগৰাকী লোকৰ কৰুণ মৃত্যু