29 C
Guwahati
Monday, July 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিলাসীপাৰাত ৰমৰমীয়া দেহ ব্যৱসায়! ফেচবুকত ভাইৰেল কৰিলে গোপন ফটো,ভিডিঅ’

    বিলাসীপাৰাত ৰমৰমীয়া দেহ ব্যৱসায়! ফেচবুকত ভাইৰেল কৰিলে গোপন ফটো,ভিডিঅ’

    বিলাসীপাৰাৰ মামা বজাৰত ৰমৰমীয়া দেহ ব্যৱসায় | আৰক্ষীৰ পৰা নিজকে বচাবলৈ অবলম্বলন কৰিলে নতুন ফৰ্মুলা। Time8 সাংবাদিকৰ হাতত নাৰী ব্যাৱসায়ত জড়িত দুষ্কৃতিকাৰী দেহ ব্যাৱসায়ী সকলোৰ অসৎ পৰিকল্পনাৰ এক্সুলিচিভ তথ্য।

    বিলাসীপাৰাৰ মামাৰ বজাৰত দোকান দি দেহ ব্যাৱসায়ত জড়িত হৈ পৰে লম্পট জাইদুল হক। লম্পট জাইদুলে চলাইছে দুগৰাকী কৈ মহিলাক লৈ ৰমৰমীয়া দেহ ব্যৱসায়।

    মহিলা দুগৰাকীৰ সৈতে দেহ সম্পৰ্ক কৰি মোবাইল কেমেৰাত আৱদ্ধ কৰি নিজৰ ফেচবুকত নিজেই ভাইৰেল কৰিছিল ভিডিঅ ক্লিপ। কিন্তু ফেচবুকত ভাইৰেল হোৱা উক্ত দেহ ব্যাৱসায় প্ৰসংগক লৈ সমগ্ৰ বিলাসীপাৰাত আলোড়ন সৃষ্টি হয় |

    দুগৰাকী সহজ সৰল মহিলাৰ সৈতে দুষ্কাৰ্য্যত লিপ্ত হোৱা জাইদুল ইছলাম সহ তিনি জনৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এখন গোচৰ ৰুজু কৰে উক্ত দুষ্কাৰ্য্যত জড়িত থকা এগৰাকী মহিলাই | এজাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্ত জাইদুলক গ্ৰেপ্তাৰৰ বাবে অভিযান আৰম্ভ কৰে।

    কিন্তু আৰক্ষীৰ হাতৰ পৰা নিজকে বচাবলৈ আনক কেনেকৈ ফচোৱাৰ পৰিকল্পনা কৰিছে জাইদুলে | সেই পৰিকল্পনাৰ অডিঅ’ ক্লিপ ইতিমধ্যে ভাইৰেল হৈছে।

    উল্লেখযোগ্য যে,উক্ত দেহ ব্যাৱসায়ত জড়িত থকা জাইদুল এইবাৰ অসৎ কাম কৰা মহিলা দুগৰাকীৰ এজনীৰ লগত বিয়া পাতি সেই মহিলা গৰাকীৰ জড়িয়তে এজন শিক্ষকৰ লগত থকা পুৰণি শত্ৰুতা প্ৰতিশোধ লোৱাৰ ষড়যন্ত্ৰ ৰচিত কৰিলে |

    শিক্ষক গৰাকীৰ বিৰুদ্ধে আক্ৰোশ মূলক ভাৱে বলৎকাৰৰ গোচৰ জাপি দি সমাজত শিক্ষক জহিৰুল ওৰফে জহৰ আলীক হেয় প্ৰতিপন্ন কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।

    এই ঘটনাৰ ক্ষেত্ৰত সকলোৱে ন্যায় বিচাৰিছে। এতিয়া তদন্তকাৰী আৰক্ষী বিষয়াই এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত পৰিলক্ষিত হ’ব !

    ইনপুট: আফৰুজুল ইছলাম

    আৰু পঢ়ক : ‘যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন’ -স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং