20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিলাসীপাৰাত লোমহৰ্ষক হত্যাকাণ্ড! ৰাজপথতে ডিঙি কাটি পেলাই থৈ যায় ব্যৱসায়ীক

    বিলাসীপাৰাৰ সাপটগ্ৰাম দাউদপাৰাত লোমহৰ্ষক হত্যাকাণ্ড | সোমবাৰে নিশা অচিনাক্ত দুবৃত্তই ডিঙি কাটি হত্যা কৰে এজন ক্ষুদ্ৰ ব্যৱসায়ীক | ব্যৱসায়ী জন সাপটগ্ৰাম চহৰৰ ৪ নম্বৰ ৱাৰ্ডৰ অনুপম দে (৪৭) বুলি জানিব পৰা গৈছে |

    অইন দিনাৰ দৰে সোমবাৰে নিশাও নিজৰ ব্যৱসায় সামৰি ফকিৰাগ্ৰাম বজাৰৰ পৰা নিজ গৃহ সাপটগ্ৰাম চহৰ লৈ আহি আছিল ব্যৱসায়ী জন |
    আহি থকা অৱস্থাত দাউদপাৰা খলিছাভিটা নামৰ ঠাইত অচিনাক্ত দুস্কৃতিকাৰীয়ে ব্যৱসায়ী জনক ডিঙি কাটি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ পলাই যায় |

    পিছত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি সাপটগ্ৰাম আৰক্ষীক খবৰ দিয়ে | স্থানীয় আৰক্ষীৰ দলে দণ্ডাধীশ সহ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানা নিয়াৰ ব্যৱস্থা কৰে লোমহৰ্ষক |

    কিন্তু নিৰীহ ব্যৱসায়ী এজনক এই দৰে হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে সাপটগ্ৰাম চহৰৰ মুল পথ | পৰবৰ্তী সময়ত উত্তেজিত হৈ পৰা বিশ্ব হিন্দু পৰিষদৰ সাপটগ্ৰাম প্ৰখণ্ড আৰু বাঙালী যুৱ ফেডাৰেচনৰ নেতা কৰ্মীয়ে পথৰ ওপৰত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে |
    লগতে অতি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰৰ দাবীত মৃতদেহ কঢ়িয়াই নিয়া আৰক্ষীৰ বাহনক বাধা প্ৰদান কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে |
    আৰক্ষী প্ৰশাসনে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত উত্তেজনাৰ শাম কাটে |

    আৰু পঢ়ক : কুুইপৰ ২ অপহৃত বিষয়া এতিয়াও আলফা(স্বা)ৰ কবলত, TIME8 ক কি জনালে পৰেশ বৰুৱাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং