26 C
Guwahati
Thursday, September 16, 2021
More

    ওৰে নিশা ২ নাবালিকাক ধৰ্ষণ ৩ যুৱকৰ, অসমতে ঘটিছে এই ঘটনা…

    এই অসমত দিনক দিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। এইবাৰ বিলাসীপাৰাত সংঘটিত হৈছে জঘণ্য ধৰ্ষণ কাণ্ড। তিনি পাষণ্ডই ওৰে নিশা ধৰ্ষণ কৰিলে দুই নাবালিকা ছাত্ৰীক।

    শালকোচাৰ খামাৰপাৰাত সংঘটিত হৈছে এই জঘণ্য ঘটনা| জানিব পৰা অনুসৰি তিনি যুৱকে বলপূৰ্বক ধৰ্ষণ কৰে দুই নাবালিকা ছাত্ৰীক।

    ধৰ্ষণকাৰী তিনি যুৱকক ৰাইজে আটক কৰি চমজাই দিয়ে আৰক্ষীক। তিনিজন ধৰ্ষণকাৰী হৈছে ক্ৰমে, ধ্ৰুৱ নাথ, সত্যজিৎ নাথ আৰু শিৱানন্দ নাথ| ইফালে ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত শালকোচা আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে স্থানীয় লোকে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং