ভয়ংকৰ পথ দুৰ্ঘটনা , দ্ৰুতবেগী বিএমডব্লিও ৰ খুন্দাত নিহত চাইকেল আৰোহী

0
297

ভয়ংকৰ পথ দুৰ্ঘটনা , দ্ৰুতবেগী বিএমডব্লিও ৰ খুন্দাত নিহত চাইকেল আৰোহী

দিল্লীৰ মহিপালপুৰত এক শোকাৱহ দুৰ্ঘটনাত সংঘটিত হৈছে | এখন দ্ৰুতবেগী বিএমডব্লিও বাহনৰ খুন্দাত নিহত হ’ল চাইকেল আৰোহী|

আৰক্ষীয়ে মৃত চাইকেল আৰোহীজনক ৫০ বছৰীয়া সুবেন্দু চেটাৰ্জী বুলি চিনাক্ত কৰে।

জানিব পৰা মতে সুবেন্দু গুৰুগ্ৰামৰ বাসিন্দা আছিল আৰু প্ৰতিদিনে ৰাতিপুৱা দিল্লীৰ ধৌলা কুঁৱালৈ চাইকেল চলাই গৈছিল।

দেওবাৰেও দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত সুবেন্দুয়ে ধৌলা কুঁৱালৈ গৈ আছিল।

সেই সময়তে বিএমডব্লিউ বাহন খনে ব্যক্তি জনক মহতিয়াই নিয়ে |আৰক্ষীয়ে দুৰ্ঘটনা স্থলীৰ চাৰিওফালে থকা চিচিটিভি ফুটেজো নিৰীক্ষণ কৰে |

আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে দুৰ্ঘটনাটোৰ কাৰণ হৈছে বিএমডব্লিউ গাড়ীখনৰ টায়াৰ ফাটি যোৱা।

টায়াৰ ফাটি যোৱাৰ বাবে, চালকজনে গাড়ীখন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু তেওঁৰ সন্মুখত থকা চাইকেল আৰোহীজনক খুন্দা মাৰিলে।

ফলত ব্যক্তি জনে গুৰুত্বৰ ভাৱে অঘাত প্ৰাপ্ত হয় | লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও
চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে |